• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সোণোৱাল, ২ বজাত উপায়ুক্তসকলৰ সৈতে বৈঠক

ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সোণোৱাল, ২ বজাত উপায়ুক্তসকলৰ সৈতে বৈঠক

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা শেহতীয়া পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা শেহতীয়া পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা শেহতীয়া পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে।

  • Share this:
ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা শেহতীয়া পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে। আজি বিয়লি দুই বজাত জিলা উপায়ুক্তসকলৰ সৈতে কোভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰিব। এই কথা ছচিয়েল মিডিয়াযোগে সদৰি কৰিছে সৰ্বানন্দ সোণোৱালে। 

ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী সোণোৱালে লিখিছে, ‘‘কোভিড-১৯ৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু প্ৰাণহানি ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সতীৰ্থ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে এক সামগ্ৰিক পৰ্যালোচনা কৰোঁ। এই জটিল পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে আজি দিনৰ ২ বজাত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত মিলিত হ'ম।’’
Published by:Sanjay Kumar Das
First published: