বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হৈছে এক বিশাল জনসভা
বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হৈছে এক বিশাল জনসভা
বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হৈছে এক বিশাল জনসভা। বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে কোকৰাঝাৰত। সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠনৰ দিন ধৰি আজি পৰ্যন্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে লোৱা পদক্ষেপক সন্মান সহকাৰে ধন্যবাদ জনায়।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘ বড়ো চুক্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উন্নয়নৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিলে। ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে দায়িত্ব লোৱাৰ দিন ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে দায়িত্ব সহকাৰে পদক্ষেপ লৈছে। বড়ো চুক্তিয়ে কেৱল বড়ো সকলৰ বাবেই নহয় অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবেই নতুন আশাৰ বতৰা কঢ়িয়াব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|