কোৰোণাৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ, ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তিলৈ মুখ্যমন্ত্ৰীৰ ফোন 

News18 Assam | News18-Assam
Updated:April 18, 2020, 3:11 PM IST
কোৰোণাৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ, ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তিলৈ মুখ্যমন্ত্ৰীৰ ফোন 
কোৰোণাৰ ভয়াৱহতাক লৈ ৰাজ্য চৰকাৰ বাৰুকৈয়ে সষ্টম হৈ থকাৰ পিছতো ৰাজ্যত বৃদ্ধি পায়েই আছে সংক্ৰমিত লোকৰ সংখ্যা ৷

কোৰোণাৰ ভয়াৱহতাক লৈ ৰাজ্য চৰকাৰ বাৰুকৈয়ে সষ্টম হৈ থকাৰ পিছতো ৰাজ্যত বৃদ্ধি পায়েই আছে সংক্ৰমিত লোকৰ সংখ্যা ৷

  • Share this:
কোৰোণাৰ ভয়াৱহতাক লৈ ৰাজ্য চৰকাৰ বাৰুকৈয়ে সষ্টম হৈ থকাৰ পিছতো ৰাজ্যত বৃদ্ধি পায়েই আছে সংক্ৰমিত লোকৰ সংখ্যা ৷ কোৰোণাৰ এই সংকটৰ সময়ত সকলোকে মনোবল অটুত ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

যাৰ বাবে শুকুৰবাৰে ৰাজ্যৰ বহুকেইজন বিশিষ্ট ব্যক্তিলৈ ফোন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কথাশিল্পী ইমৰাণ শ্বাহ, গীতা উপাধ্যায়, অজয় দত্ত,দেৱী প্ৰসাদ বগডিয়ালৈ ফোন কৰি খা-খবৰ লোৱাৰ লগতে এই দুঃসময়ত মনোবল অটুত ৰাখিবলৈ আটাইকেইজন বিশিষ্ট ব্যক্তিক ফোনযোগে প্ৰেৰণা যোগালে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই টেলিফোনিক বাৰ্তালাপত বিশিষ্ট ব্যক্তি কেইগৰাকীৰ পৰা দিহা-পৰামৰ্শও বিচাৰিলে সোণোৱালে ৷

ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বয় তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ উপৰিও বহুকেইজন বিশিষ্ট ব্যক্তিৰ সৈতে ফোন যোগে কথা পাতি কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ সকলোৰে পৰা পৰামৰ্শ আৰু সহযোগিতা বিচাৰিছিল।
Published by: Himangshu Bhuyan
First published: April 18, 2020, 3:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading