অমিত শ্বাহ প্ৰকৃত দেশভক্ত, মোদীৰ নেতৃত্বত চকুত লগা বিকাশ হৈছে উত্তৰ–পূবৰ : সোণোৱাল

NEDAৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কৰা কামৰো শলাগ লয় মুখ্যমন্ত্ৰীয়ে।

News18-Assam
Updated:September 9, 2019, 3:33 PM IST
অমিত শ্বাহ প্ৰকৃত দেশভক্ত, মোদীৰ নেতৃত্বত চকুত লগা বিকাশ হৈছে উত্তৰ–পূবৰ : সোণোৱাল
NEDAৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কৰা কামৰো শলাগ লয় মুখ্যমন্ত্ৰীয়ে।
News18-Assam
Updated: September 9, 2019, 3:33 PM IST
আজি গুৱাহাটীত অনুষ্ঠিত NEDAৰ সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক প্ৰকৃত দেশভক্ত হিচাপে অভিহিত কৰে। নিজৰ ভাষণত সোণোৱালে কয় – অমিত শ্বাহ প্ৰকৃত দেশভক্ত, যিয়ে জম্মু–কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰিলে। মোদীৰ নেতৃত্বত উত্তৰ–পূবৰ চকুত লগাকৈ বিকাশ হৈছে। উত্ত–পূবক স্বাধীনতাৰ ৭০ বছৰৰ পিছতো পিছুৱাই ৰাখিছিল কংগ্ৰেছে। NEDAৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কৰা কামৰো শলাগ লয় মুখ্যমন্ত্ৰীয়ে।

অসমৰ খেতিয়কে আন্তৰ্জাতিক বজাৰ লাভ কৰিছে। বিদেশৰ বহু স্থানলৈ ৰপ্তানি হৈছে ফল, শাক–পাচলি। নেডাৰ নেতৃত্বত আগুৱাই যাব লাগিব উত্তৰ–পূব। শক্তি আৰু সম্ভাৱনাৰে উত্তৰ–পূব দক্ষিণ–পূব এছিয়াৰ শীৰ্ষত থাকিব লাগিব। নিজৰ ভাষণত এইদৰে মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে। জিতেন্দ্ৰ সিঙকো ভূয়সী প্ৰশংসা সৰ্বানন্দ সোণোৱালৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি