মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভাত দেখা গ’ল বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভাত দেখা গ’ল বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক৷
বিটিচিত দুৰ্নীতি আৰু সন্ত্ৰাসমুক্ত সমাজ গঢ়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ চিৰাঙৰ উলুবাৰীত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী সোণোৱালে বিটিচিবাসী ৰাইজে বিজেপি দলক চৰকাৰ গঠনত সহায় কৰিবলৈ আহ্বান জনায়৷ বিটিচিত দুৰ্নীতি কৰা সকলোকে জে’ললৈ প্ৰেৰণৰ লগতে অস্ত্ৰ–শস্ত্ৰমুক্ত সবল সমাজ গঢ়াৰ ক্ষেত্ৰত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাও সভাত উপস্থিত থাকে৷ আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভাত দেখা গ’ল বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|