মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসম সদায় অসমীয়াৰ হৈ থাকিব, CAAৰ জৰিয়তে নতুনকৈ এজনো বাংলাদেশী অসমলৈ নাহে – সংবাদমেলত ক’লে মুখ্যমন্ত্ৰী সোণোৱালে

অসম সদায় অসমীয়াৰ হৈ থাকিব, CAAৰ জৰিয়তে নতুনকৈ এজনো বাংলাদেশী অসমলৈ নাহে – সংবাদমেলত ক’লে মুখ্যমন্ত্ৰী সোণোৱালে

News18 Assam | News18-Assam
Updated:December 20, 2019, 10:23 AM IST
অসম সদায় অসমীয়াৰ হৈ থাকিব, CAAৰ জৰিয়তে নতুনকৈ এজনো বাংলাদেশী অসমলৈ নাহে – সংবাদমেলত ক’লে মুখ্যমন্ত্ৰী সোণোৱালে
মুখ্যমন্ত্ৰী সোণোৱালে কয় – আমাক আপোনালোকে সন্দেহ নকৰিব, আঁতৰ কৰি নপঠিয়াব। আপোনালোকে মোক এইখন আসনত বহুৱাইছে, পাহৰি গ’লে মোক পাপে চুব।

মুখ্যমন্ত্ৰী সোণোৱালে কয় – আমাক আপোনালোকে সন্দেহ নকৰিব, আঁতৰ কৰি নপঠিয়াব। আপোনালোকে মোক এইখন আসনত বহুৱাইছে, পাহৰি গ’লে মোক পাপে চুব।

  • News18 Assam
  • Last Updated: December 20, 2019, 10:23 AM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ আজি এক সংবাদমেলৰ আয়োজন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় – ‘আজি আমি সকলোৱে এটা কথা উপলব্ধি কৰিছে যে অসমৰ ৰাইজে অসমৰ বুকুত অসমীয়া সৰ্বকালৰ বাবে ৰাজ্যভাষা হিচাপে থকাটো আন্তৰিকতাৰে বিচাৰে। মই মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনগণক জনাব বিচাৰো যে আজি যিদৰে অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে আছে, সৰ্বকালৰ বাবে থাকিব। ইয়াৰ বাবে চৰকাৰে সকলো ধৰণৰ যাৱতীয় পদক্ষেপ ল’ব।’

‘CAAৰ সন্দৰ্ভত অসমত যি গণতান্ত্ৰিক আন্দোলন চলি আছে, এই আন্দোলনৰ যিসকলে নেতৃত্ব বহন কৰিছে, আছু, AJYCP, জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ লগতে সাহিত্য সভা, শিল্পী সমাজ, বুদ্ধিজীৱী সকলোৰে প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আমি সকলোৱে গণতন্ত্ৰত বিশ্বাস কৰো, শান্তিপূৰ্ণ অহিংস নীতিৰে পৰিচালিত আন্দোলনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু থাকিব। কিন্তু এই আন্দোলনৰ গইনা একাংশ দুষ্টচক্ৰই যি বিভীষিকাৰ সৃষ্টি কৰিছে, ভুল বাৰ্তা প্ৰেৰণ কৰিছে, ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, সেইসকল সমাজৰ প্ৰধান শত্ৰু।’ – সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ।

সোণোৱালে কয় – ‘কোনোবাই কৈছে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি ১ কোটি লোক আহিব, কোনোবাই কৈছে ডেৰ কোটি আহিব আৰু কোনোবাই কৈছে ৫০ লাখ আহিব। মই ভূমিপুত্ৰ হিচাপে ক’ব বিচাৰো যে এইখন অসম সদায় অসমীয়াৰ হৈ থাকিব, অসমীয়াৰ মাটি–ভেটি, কৃষ্টি–সংস্কৃতি, ভাষা–সাহিত্য, সকলো সময়তে নিৰাপদ হৈ থাকিব। অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ কোনেও কাঢ়িব নোৱাৰে।’


একাংশই ধাৰণা বিয়পাইছে যে আমাৰ গাঁৱৰ ৰাইজৰ মাটি বিদেশীক প্ৰদান কৰা হ’ব, চাহ শ্ৰমিকৰ মাটি বিদেশীক প্ৰদান কৰা হ’ব। এইদৰে যিসকলে ভুল বাৰ্তাৰে নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে তেওঁলোক প্ৰকৃত শত্ৰু।

এই আইনৰ যোগেদি যিসকল ধৰ্মীয় উৎপীড়নৰ বলি হৈ আমাৰ মাজতে দশক দশক জুৰি বসবাস কৰি আছে, তেওঁলোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। তেওঁলোকৰ সংখ্যা আজিৰ তাৰিখত নিচেই তাকৰ হ’ব। এই কথাবোৰ স্পষ্টভাৱে পোহৰলৈ আহিব, যেতিয়া আবেদন কৰাৰ কাম সম্পূৰ্ণ হ’ব। আবেদনৰ পিছত যিখন তালিকা ওলাব, তাত প্ৰকৃত তথ্য প্ৰকাশ পাব। সংবাদমেলত ক’লে সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে CAAৰ জৰিয়তে নতুনকৈ এজনো বাংলাদেশী অসমলৈ নাহে। খিলঞ্জীয়াৰ অধিকাৰ ৰাইজৰ হাততে সৰ্বকালৰ বাবে থাকিব। আগন্তুক দিনত শান্তিপ্ৰিয় অসমীয়া সমাজখনে সকলো সময়তে মিলাপ্ৰীতিৰে এইখন অসমক শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব।


আন্দোলনকাৰীসকলক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় – ‘আমাক বেলেগ বুলি নাভাবিব, আমি আপোনালোকৰ মাজৰে এজন। এই চৰকাৰে আপোনালোকৰ বাবেই কাম কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ, বেলেগৰ হৈ কাম নকৰে। চৰকাৰে প্ৰতিটো কামেই খিলঞ্জীয়া ভূমিপুত্ৰৰ উন্নয়নৰ বাবে কৰিছে। আমাক আপোনালোকে সন্দেহ নকৰিব, আঁতৰ কৰি নপঠিয়াব।’

জাতীয় সংগঠনসমূহক আগবাঢ়ি আহি আলাপ–আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান কৰাৰো পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে। সোণোৱালে কয় – ‘আপোনালোকে মোক মুখ্যমন্ত্ৰী পাতিছে, মোৰ দায়িত্বই হৈছে খিলঞ্জীয়া ভূমিপুত্ৰৰ নিৰাপত্তা আৰু উন্নয়ন কৰা। মই সেই কামেই কৰি আছো, মই লুকাভাকু খেলা নাই। ৰাইজৰ স্বাৰ্থতে IMDT আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ গৈছিলো।’

‘মই সদায় আপোনালোকৰ লগত আছো আৰু থাকিম। মই যদি ৰাইজৰ স্বাৰ্থত কামেই কৰিব নোৱাৰে, তেন্তে কিহৰ মুখ্যমন্ত্ৰী। আপোনালোকৰ মৰম–চেনেহৰ কথা মই পাহৰি নাযাওঁ। আপোনালোকে মোক এইখন আসনত বহুৱাইছে, পাহৰি গ’লে মোক পাপে চুব।’ – সোণোৱাল।


যিসকলে ফুলকুমলীয়া ছাত্ৰসকলক উচতনি দি হিংসাত্মক কাৰ্যত জড়িত কৰাইছে, তেওঁলোকেই অপৰাধী। তেওঁলোকে অসমৰ উন্নতি নিবিচাৰে। তেওঁলোকৰ উদ্দেশ্য অসমত অশান্তিৰ সৃষ্টি কৰা। প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সময়তে, ২০১৪ চনত দায়িত্ব লোৱাৰ দিনৰে পৰা অসমৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিছে। তেখেতে নিষ্ঠাৰে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰি অসমৰ ৰাইজৰ সাংবিধানিক ৰক্ষাকবচ দিয়াৰ কথা জনাইছে। এই ৬নং দফা কাৰ্যকৰী ৰূপ দিলেহে অসমীয়া জাতিয়ে সাংবিধানিক ৰক্ষাকবচ স্থায়ীভাৱে পাব। সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আগন্তুক দিনত আমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মই ৰাইজক আহ্বান জনাইছো, আহক মিলাপ্ৰীতিৰে কাম কৰো। হিংসাত্মক ঘটনাৰ বাবে জগৰীয়া সেইসকল, যিসকলে ভুল বাৰ্তাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। সেইসকলক প্ৰশ্ৰয় দিলে অসমৰ উন্নতি হ’ব নোৱাৰে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনো যুক্তিতে অসমীয়া জাতিক দুৰ্বল হ’বলৈ নিদিওঁ। অসমীয়া ভাষা, কৃষ্টি–সংস্কৃতি, সাহিত্য, মাটি–ভেটি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। মই আশা ৰাখিছো ৰাইজে আন্তিৰকতাৰে গোটেই বিষয়টোত সহযোগিতা আগবঢ়াব। মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ।

আনহাতে, আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে SIT গঠন কৰাৰ কথাও জনায় মুখ্যমন্ত্ৰীয়ে। SITৰ প্ৰতিবেদনৰ ভিত্তিত লোৱা হ’ব ব্যৱস্থা। আন্দোলনত নিহতসকলৰ প্ৰতি দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 20, 2019, 10:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি