‘পুত্ৰৰ দৰে মৰম কৰিছিল, আজি এগৰাকী পিতৃক হেৰুৱালো’- তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা মুখ্যমন্ত্ৰীৰ

অৱশেষত চিৰ বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
অৱশেষত চিৰ বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
- News18 Assam
- Last Updated: November 23, 2020, 7:10 PM IST
সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰি ততাতৈয়াকৈ ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘এগৰাকী সত্ নেতাক হেৰুৱালো। মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰি থৈ গ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ব্যক্তিগত ভাবে মই এগৰাকী পিতৃক হেৰুৱালো। সকলো সময়তে আমাক সু-পৰামৰ্শ প্ৰদান কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।’
I express heartfelt condolences on the demise of former Chief Minister, a tall leader & our most respected Tarun Gogoi da. It's the end of an era in Assam's public life. He was so vibrant and full of life until a few days back, couldn't believe this sad news. pic.twitter.com/GFiAsmc4FB
— Sarbananda Sonowal (@sarbanandsonwal) November 23, 2020
সৰ্বানন্দ সোণোৱালে লগতে কয় যে, ‘যেতিয়া মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিলো, তেতিয়া তৰুণ গগৈৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত তেখেতে বহু উপদেশ দিছিল। লগতে সকলো সময়তে সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছিল। আজি তেখেতৰ মৃত্যুত অতিকৈ মৰ্মাহত।’
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যৰ সময়তো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জনায়। সেইদৰে তৰুণ গগৈৰ মৃত্যুত ৰাজ্যত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।