আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ মন্তব্য

একেলগে এখন শক্তিশালী অসম গঢ়াৰ স্বাৰ্থত পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আহিবলৈ কয় মুখ্যমন্ত্ৰী সোণোৱালে।
একেলগে এখন শক্তিশালী অসম গঢ়াৰ স্বাৰ্থত পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আহিবলৈ কয় মুখ্যমন্ত্ৰী সোণোৱালে।
- News18 Assam
- Last Updated: February 10, 2020, 5:35 PM IST
কোকৰাঝাৰত আয়োজন কৰা বড়োলেণ্ড দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অন্যান্য বহু কেইটা দিশত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সোণোৱালে কয় যে, ‘ দিছপুৰৰ চৰকাৰ সন্মিলিত চৰকাৰ ৷ বৰাক-ব্ৰক্ষ্মপুত্ৰৰ সকলো জনগোষ্ঠীৰ প্ৰতিনিধিৰ এই চৰকাৰ।শেহতীয়া বড়ো চুক্তিক লৈ অন্যান্য জনগোষ্ঠীৰ লোকে শংকিত হ'ব নালাগে ৷ আমি ৰাজ্য চৰকাৰৰ মূৰব্বী হিচাপে এই কথা কৈছো ৷ আমাৰ BPF, AGPৰ সৈতে থকা মিত্ৰতা অটুত থাকিব ৷ শেহতীয়া বড়ো চুক্তিৰ পিছত আমি ৰাজ্য চৰকাৰে বড়োভূমিত এলানি কাম কৰিম ৷’