உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘অসমীয়া খিলঞ্জীয়াক কেতিয়াও দুৰ্বল হ’বলৈ নিদিও, শ্বহীদসকলহে প্ৰকৃত জাতীয় নায়ক’

    ‘অসমীয়া খিলঞ্জীয়াক কেতিয়াও দুৰ্বল হ’বলৈ নিদিও, শ্বহীদসকলহে প্ৰকৃত জাতীয় নায়ক’

    মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিপৰীতে শ্বহীদ পৰিয়ালৰ দাবী- ‘নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি জাতি প্ৰেমৰ পৰিচয় দিয়ক চৰকাৰে’

    মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিপৰীতে শ্বহীদ পৰিয়ালৰ দাবী- ‘নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি জাতি প্ৰেমৰ পৰিচয় দিয়ক চৰকাৰে’

    মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিপৰীতে শ্বহীদ পৰিয়ালৰ দাবী- ‘নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি জাতি প্ৰেমৰ পৰিচয় দিয়ক চৰকাৰে’

    • Share this:
    ‘শ্বহীদসকলৰ মহান ত্যাগক আমি শ্ৰদ্ধা জনাব লাগিব ৷ আমি নিষ্ঠাৰে কাম কৰিব লাগিব ৷ অসমীয়া জাতীয় জীৱনৰ মান, সন্মান ৰক্ষাৰ বাবে চৰকাৰখনে দিনে-নিশাই কাম কৰিব লাগিব ৷ শ্বহীদৰ চৰম ত্যাগ মূল্যাংকন কৰাৰ বাবে আমি সংকল্প গ্ৰহণ কৰিব লাগিব।’ খানাপাৰাৰ শ্বহীদ দিৱসৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

    মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘শ্বহীদৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে শ্বহীদ উদ্যান নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে ৷ অসম প্ৰেমেৰে উদ্বুদ্ধ হ'বলৈ নৱপ্ৰজন্মৰ বাবে ই হ'ব এক উদাহৰণ ৷ দেশ-বিদেশৰ পৰা অহা পৰ্যটকক আমি অসম আন্দোলনৰ উমান দিবলৈ সক্ষম হ'ম ৷ নিজৰ মাটি ভেটিৰ ওপৰত জাতিটো ঠন ধৰি উঠিব লাগিব, কৃষ্টি-সংস্কৃতি সুৰক্ষিত হ'ব লাগিব, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলক দুৰ্বল হ'বলৈ নিদিও।’

    ‘অসমীয়া জাতিৰ সোণোৱালী ইতিহাস যদি কোনোবাই লিখিছে সেয়া বীৰ শ্বহীদসকলে লিখিছে। জাতীয় নায়ক যদি কোনোবা হয় সেয়া বীৰ শ্বহীদসকল ৷ শ্বহীদক হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জনাবলৈ হৃদয়ৰ পৰা নিগৰিব লাগিব ভক্তিভাৱ। সেয়া এই চৰকাৰৰ আছে ৷ আমাৰ কথা আৰু কামৰ মাজত কিমান সাদৃশ্য আছে আমি লোৱা কাৰ্যপন্থাবোৰেই প্ৰমাণ কৰে ৷’- মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিপৰীতে অনুষ্ঠানতে উপস্থিত থকা শ্বহীদ পৰিয়াল তথা নিৰ্যাতিতা পৰিয়ালৰ দাবী, ‘চৰকাৰে শ্বহীদক সন্মান দিব লাগিলে প্ৰথমে কা’ বিৰোধ কৰিব লাগিব ৷ কা’ক সমৰ্থন কৰা চৰকাৰে শ্বহীদক সন্মান দিব নোৱাৰে ৷ শ্বহীদ দিৱসত পৰিয়ালক গামোচা পিন্ধালেই সকলো দায়িত্ব শেষ হৈ নাযায়।’
    Published by:Himangshu Bhuyan
    First published: