কঠোৰ মুখ্যমন্ত্ৰী, এমাহৰ ভিতৰত পুনৰ উপ–পৰিদৰ্শকৰ পৰীক্ষা পতাৰ নিৰ্দেশ

News18 Assam | News18-Assam
Updated:September 22, 2020, 1:09 PM IST
কঠোৰ মুখ্যমন্ত্ৰী, এমাহৰ ভিতৰত পুনৰ উপ–পৰিদৰ্শকৰ পৰীক্ষা পতাৰ নিৰ্দেশ
মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা জৰুৰী বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ।

মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা জৰুৰী বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ।

  • News18 Assam
  • Last Updated: September 22, 2020, 1:09 PM IST
  • Share this:
সোমবাৰে নিশা নতুন দিল্লীৰ পৰা উভতি আহিয়েই আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ বিতংভাৱে বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এমাহৰ ভিতৰতে পুনৰ স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰি শীঘ্ৰে ফলাফল ঘোষণা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ভৱিষ্যতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এনেধৰণৰ কোনো বেমেজালি নোহোৱাটো সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। শীঘ্ৰে এই ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈও কঠোৰ নিৰ্দেশ দিয়ে সোণোৱালে।

মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা জৰুৰী বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ।
Published by: Sanjay Kumar Das
First published: September 22, 2020, 1:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading