মুখ্যপৃষ্ঠা »খবৰ »অসম »‘কলাক্ষেত্ৰত থাকিব কেৱল গুৰুজনাৰ আদৰ্শ’, মিঞা মিউজিয়ামৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে

‘কলাক্ষেত্ৰত থাকিব কেৱল গুৰুজনাৰ আদৰ্শ’, মিঞা মিউজিয়ামৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে

মিঞা সংগ্ৰহালয়কলৈ ৰাজ্যজুৰি অব্যাহত আছে বিতৰ্ক

মিঞা সংগ্ৰহালয়কলৈ ৰাজ্যজুৰি অব্যাহত আছে বিতৰ্ক

  • Share this:
অব্যাহত আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ সন্দৰ্ভত বিতৰ্ক। কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰলৈ পত্ৰ লিখাৰ পিছৰ পৰাই তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি। বিধায়ক শ্বেৰমানৰ এই কাৰ্যক একেমুখে ধিক্কাৰ দিছে প্ৰতিজন অসমীয়াই। অসমীয়া সভ্যতা-সংস্কৃতিলৈ তীব্ৰ প্ৰত্যাহ্বান নমাই আনি কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিবলৈ কৰা দুঃসাহসক প্ৰত্যাখান কৰিছে ৰাজ্য চৰকাৰে।

ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱক নস্যাত্‍ কৰি অসমৰ কোনো প্ৰান্ততে মিঞা মিউজিয়াম স্থাপন কৰা নহয় বুলি দৃঢ়তাৰে মন্তব্য কৰিছে। আনকি মন্ত্ৰীগৰাকীয়ে এটা বিশেষ সভ্যতাই অসমীয়া কলা সংস্কৃতিক আক্ৰমণৰ চেষ্টা কৰিছে বুলিও মত ব্যক্ত কৰিছে।

বিষয় সন্দৰ্ভত এইবাৰ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নাম নোলোৱাকৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে নস্যাত্‍ কৰে মিঞা মিউজিয়ামক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কয় যে,‘কলাক্ষেত্ৰত থাকিব কেৱল গুৰুজনাৰ আদৰ্শ। গুৰুজনাৰ আদৰ্শেৰে নিৰ্মাণ হৈছিল শংকৰদেৱ কলাক্ষেত্ৰ। আৰু আমি সেই আদৰ্শৰ জীয়াই ৰখাৰ স্বাৰ্থত আমি ভক্তি ভাবেৰে কাম কৰিব লাগিব।’

শেহতীয়া বাতৰি