দিহিং পাটকাই অভয়াৰণ্যৰ খনন সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰী সোণোৱালে

News18 Assam | News18-Assam
Updated:May 23, 2020, 10:11 AM IST
দিহিং পাটকাই অভয়াৰণ্যৰ খনন সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰী সোণোৱালে
আমি সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত থাকিব লাগিব। মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে বুলি আতংকিত নহ'ব। – মুখ্যমন্ত্ৰী

আমি সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত থাকিব লাগিব। মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে বুলি আতংকিত নহ'ব। – মুখ্যমন্ত্ৰী

  • Share this:
অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। বহিঃৰাজ্যৰ পৰা বাছ তথা ৰে’লেৰে লোকসকল উভতি অহাৰ পিছতে ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোৰোণা আক্ৰান্ত সংখ্যা। এই সংকটৰ সময়ত সকলোকে স্বাস্থ্য বিভাগে বান্ধি দিয়া নিয়ম–নীতিসমূহ পালন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শুকুৰবাৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে কয় – ‘কোনোৱে যেন কোৱাৰেইণ্টাইন চেণ্টাৰত থকা সময়ছোৱাত নিয়ম–নীতি উলংঘা নকৰে। প্ৰধানমন্ত্ৰীৰ আহ্বান ৰক্ষা কৰি আমি সকলোৱে ঐক্যবদ্ধভাৱে শৃংখলবদ্ধ ভাৱে, সামাজিক দূৰত্ব ৰক্ষা কৰি, পৰিস্কাৰকৈ থাকি কোৰোণাৰ বিৰুদ্ধে যুঁজ দিব লাগিব। এই যুঁজখন দীঘলীয়া হ'ব।’

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পঞ্চায়ত পৰ্যায়লৈকে কোৱাৰেইণ্টাইনৰ ব্যৱস্থা কৰা হৈছে।লকডাউনত ৰাইজৰ সহযোগিতা থকাৰ বাবে আমি অসমত এতিয়া লৈকে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছো। তথাপি আমি সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত থাকিব লাগিব। মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে বুলি আতংকিত নহ'ব। ভয় খাব নালাগে। আমি দৃঢ়তাৰে যুঁজ দিম আৰু জয়ী হ'ম।

মুখ্যমন্ত্ৰীৰ আহ্বান – "আমি এইটো কথা মনত ৰাখিব লাগিব কোনো ব্যক্তি যদি কৰোণাত আক্ৰান্ত সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে কোনোৱে যেন বেয়া ভাব মনত নাৰাখে।’’

উল্লেখ যে নিজে পঢ়া ঐতিহাসিক কানৈ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী উপস্থিত হৈ শুকুৰবাৰে নতুনকৈ তৈয়াৰ কৰি ৰখা কানৈৰ ছাত্ৰীবাসৰ কোৱাৰেইণ্টাইন চেণ্টাৰটো পৰিদৰ্শন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মনোহাৰী দেৱী কানৈ বিজ্ঞান মহিলা মহাবিদ্যালয়ৰ কোৱাৰেইণ্টাইন চেণ্টাৰো পৰিদৰ্শন কৰে।

ইফালে, জৈৱ বৈচিত্ৰৰে ভৰা দিহিং পাটকাই অভয়াৰণ্যখননক লৈ ৰাজ্য তথা দেশত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ মন্তব্য – "ৰাইজৰ বিভিন্ন দিশৰ পৰা এই বিষয়টো যথেষ্ট চৰ্চা হৈছে, গতিকে মই ৰাইজৰ কথাবিলাকত গুৰুত্ব প্ৰদান কৰি আমাৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক অতি শীঘ্ৰেই সেই স্থানলৈ যাবলৈ নিৰ্দ্দেশ দিছো আৰু গোটেই পৰিস্থিতিৰ বুজ লৈ আমাক বিতংভাৱে জনাবলৈ তেখেতক কৈছোঁ।’’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading