‘কোনেও ৰেহাই নেপাব, নিবনুৱাৰ আশাত চেচাপানী ঢালিব খোজা সকলক কঠোৰ শাস্তি দিয়া হ’ব’- প্ৰশ্নকাকত ফাদিলকলৈ কঠোৰ মুখ্যমন্ত্ৰী

News18 Assam | News18-Assam
Updated:September 24, 2020, 6:43 PM IST
‘কোনেও ৰেহাই নেপাব, নিবনুৱাৰ আশাত চেচাপানী ঢালিব খোজা সকলক কঠোৰ শাস্তি দিয়া হ’ব’- প্ৰশ্নকাকত ফাদিলকলৈ কঠোৰ মুখ্যমন্ত্ৰী
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

  • News18 Assam
  • Last Updated: September 24, 2020, 6:43 PM IST
  • Share this:
‘অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাই বহু কষ্ট স্বীকাৰ কৰি দিনে নিশাই পৰিশ্ৰম কৰিছে। অধ্যয়ন কৰিছে। সকলোৱে  যোগ্যতাৰ ভিত্তিত পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰিব বিচাৰে। কিন্তু নিবনুৱা যুৱক-যুৱতীৰ আশাত চেচাপানী ঢালিব বিচৰিছে একাংশই। এই ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি দিব লাগিব। তাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। যি এই ষড়যন্ত্ৰত জড়িত আছে, সকলোকে কৰায়ত্ত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে। কাকোৱেই ৰেহাই দিয়া নহ’ব। তদন্ত প্ৰক্ৰিয়া এতিয়াও চলি আছে। কোনো বাছি যাব নোৱাৰিব।’ -কঠোৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ষড়যন্ত্ৰকাৰীক বিচাৰি উলিয়াই কঠোৰ শাস্তি দিয়া হ’ব বুলি আশ্বাস দিছে। সেইদৰে তদন্তত যিয়েই জড়িত থকাৰ প্ৰমাণ নহওক কিয়, সকলোকে শাস্তি দিয়াৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে স্বচ্ছতাৰে পৰীক্ষা পুনৰ অনুষ্ঠিত কৰি যোগ্য পাৰ্থীক নিযুক্তি দিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত এতিয়া চি আই ডিয়ে তীব্ৰতৰ কৰিছে তদন্ত প্ৰক্ৰিয়া। অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীত ডি আই জি পৰ্যায়ৰ প্ৰাক্তন বিষয়া জড়িত থকাৰো তথ্য লাভ কৰিছে চি আই ডিয়ে। ইফালে বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক।
Published by: Himangshu Bhuyan
First published: September 24, 2020, 6:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading