অসমীয়াৰ মংগল–শান্তিৰ হকে...নৱগ্ৰহ মন্দিৰত মহাযজ্ঞত আহুতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:47 PM IST
অসমীয়াৰ মংগল–শান্তিৰ হকে...নৱগ্ৰহ মন্দিৰত মহাযজ্ঞত আহুতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
নৱগ্ৰহ মন্দিৰ মেৰামতিৰ ধন এতিয়াও নোপোৱাক লৈ পৰিচালনা সমিতি উদ্বিগ্ন।

নৱগ্ৰহ মন্দিৰ মেৰামতিৰ ধন এতিয়াও নোপোৱাক লৈ পৰিচালনা সমিতি উদ্বিগ্ন।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:47 PM IST
  • Share this:
ঐতিহাসিক নৱগ্ৰহ মন্দিৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব শান্তিৰ অৰ্থে মহাযজ্ঞ ৷ মহাযজ্ঞৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মহাযজ্ঞত আহুতি প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ সুখ শান্তি অটুট থাকক, সকলোৰে মঙ্গল হওক, তাকে বিচাৰি সেৱা জনাইছো ৷’ অনুষ্ঠানতে উপস্থিত থাকে মন্ত্ৰী তথা স্হানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যও ৷ শনিবাৰ পৰ্যন্ত চলিব এই মহাযজ্ঞ কাৰ্যসূচী ৷

উল্লেখ্য যে, ঐতিহাসিক নৱগ্ৰহ মন্দিৰত বিগত দুবছৰ পূৰ্বে মণিকূটত ফাঁট দেখা দিছিল যদিও আজি দুবছৰে দিছপুৰৰ ৰঙা ফিটাৰ মেৰপেছত পৰি মেৰামতিৰ ধন আৱন্টিত নহ’ল। মন্দিৰ পৰিচালনা সমিতিয়ে এই কথা প্ৰসংগক্ৰমে উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ আগত ৷ লগতে মন্দিৰৰ পুৰোহিত সকলৰ থকাৰ ব্যৱস্থা, আৰু পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱা হয় ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি