உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বঙাইগাঁৱত পাঁচখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ক’লে – ‘৬০ বছৰতকৈ অধিক উন্নয়ন হৈছে ৪ বছৰত’

    বঙাইগাঁৱত পাঁচখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ক’লে – ‘৬০ বছৰতকৈ অধিক উন্নয়ন হৈছে ৪ বছৰত’

    সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা চিআইডিৰ দল ইতিমধ্যে কাকপথাৰত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে৷

    • Share this:
    কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনকালতকৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ চাৰি চাৰে বছৰীয়াকালত ৰাজ্যত অধিক উন্নয়ন হোৱা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বঙাইগাঁৱত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ৷ কংগ্ৰেছৰ দিনত দুৰ্নীতি-অনিময় চলি থকাৰ ফলত ৰাজ্যখনত উন্নয়ন হোৱা নাছিল যদিও মিত্ৰজোটৰ চৰকাৰখনত দিনত ৰাজ্যখনত দ্ৰুতগতিত উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে৷

    আনহাতে, সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা চিআইডিৰ দল ইতিমধ্যে কাকপথাৰত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে৷ সাংবাদিকজনক প্ৰকৃততে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে যদি কোনো এজন দোষীয়ে সাৰি যাব নোৱাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷

    শুকুৰবাৰে বঙাইগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইবাটাও কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে ৷ বঙাইগাঁও পৰিৱেশ উদ্যানৰ উন্নয়ন আৰু একুৰিয়াম স্থাপন, কোচ ৰাজবংশী সংগ্ৰহালয়, বিসৰ্জন ঘাটৰ সৌন্দৰ্যবৰ্ধন, ক্লক টাৱাৰ, বৰপাৰা বাছ আস্থানকে ধৰি পাঁচখনকৈ আঁচনিৰ আধাৰ শিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷ আধাৰশিলা কাৰ্যসূচীৰ অন্তত বঙাইগাঁও মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱা সভাত অংশ লয়৷ সভাত মন্ত্ৰী পীযূষ হাজৰিকা আৰু ফণীভূষণ চৌধুৰীও উপস্থিত থাকে৷ আজি মুখ্যমন্ত্ৰী সোণোৱালে বঙাইগাঁৱত প্ৰায় বিশ কোটি টকাৰ আধাৰ শিলা কৰে৷
    Published by:Sanjay Kumar Das
    First published: