• Home
  • »
  • News
  • »
  • assam
  • »
  • বহিঃৰাজ্যৰ পৰা উভতি অহা লোকসকলৰ বাবে বিশেষ পদক্ষেপ দক্ষতা বিকাশ বিভাগৰ

বহিঃৰাজ্যৰ পৰা উভতি অহা লোকসকলৰ বাবে বিশেষ পদক্ষেপ দক্ষতা বিকাশ বিভাগৰ

মঙলবাৰে মহানগৰীৰ গড়চুকত অসম দক্ষতা বিকাশ কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ত এই আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভাগীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

মঙলবাৰে মহানগৰীৰ গড়চুকত অসম দক্ষতা বিকাশ কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ত এই আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভাগীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

মঙলবাৰে মহানগৰীৰ গড়চুকত অসম দক্ষতা বিকাশ কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ত এই আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভাগীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ বাবে বিশেষ আঁচনি অসম দক্ষতা বিকাশ বিভাগৰ। কৰ্মহীন হৈ পৰা বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকৰ বাবে ৰাজ্য চৰকাৰৰ দক্ষ নামৰ আঁচনিৰ জৰিয়তেএই বিশেষ ব্যৱস্থা। ১৮ৰ পৰা ৪০ বছৰৰ যুৱক-যুৱতীয়ে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ অধীনত পঞ্জীয়ন কৰা যুৱক-যুৱতীসকলক প্ৰথমে এটা মাহ বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। সুখ্যাতিৰে উত্তীৰ্ণ হোৱাসকলক এছ চি ভি টিৰ তত্বাৱধানত প্ৰদান কৰা হব বৃত্তিমুখী প্ৰশিক্ষণ।

দুটাকৈ প্ৰশিক্ষন সমাপ্ত হোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন উদ্যোগসমূহত নিযুক্তি প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰিব অসম দক্ষতা আৰু বিকাশ বিভাগে। ইয়াৰ উপৰি যিসকলে নিজস্বকৈ কাম কৰিব বিচাৰে তেওঁলোকক বেংকসমূহৰ পৰা লোণ প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে উপকৃত হ’ব ৫০,০০০ যুৱক-যুৱতী। বিশেষকৈ যুৱক-যুৱতীসকলক কৃষি, খাদ্য সংশাধন আৰু  হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ ওপৰত প্ৰশিক্ষণত গুৰুত্ব প্ৰদান কৰিব।

মঙলবাৰে মহানগৰীৰ গড়চুকত অসম দক্ষতা বিকাশ কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ত এই আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভাগীয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোভিড যুঁজত সকলোৱে একো একোজন সৈনিক হিচাপে অৱতীৰ্ণ হৈছে। লকডাউনৰ সময়ত যিসকলে ইচ্ছা প্ৰকাশ কৰিলে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়ালৈ ২ লাখ ২৯ হাজাৰ লোক অসমলৈ ঘূৰি আহিছে ,পৰীক্ষা কৰাৰ পিছত নিজ নিজ জিললৈ পঠোৱা হৈছে। যিসকলৰ লক্ষ্যণ দেখা গৈছে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে। জিলা প্ৰশাসন, পৰিবহণ বিভাগ, স্বাস্থ্য বিভাগে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

বিভিন্নজনে অসমলৈ ঘূৰি অহা লোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা কথা প্ৰকাশ কৰিছিল। তাৰ পিছতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। দক্ষতাৰে আগন্তুক দিনত দুবেলা দুমুঠি উপাৰ্জন কৰাৰ বাট উলিওৱাৰ বাবে এনে ধৰণৰ আঁচনি লোৱা হৈছে। নিজ গৃহলৈ ঘূৰি অহা যুৱক-যুৱতীসকলে দক্ষতা বিকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব লাগে আঁচনিৰ জৰিয়তে, কৃষকসকলে লকডাউনৰ সময়ত ৩১৫ কোটি টকাৰ বজাৰ ল’বলৈ সক্ষম হৈছে। যুৱক-যুৱতীসকলে স্বাৱলম্বী হোৱাৰ বাবে সুদক্ষ আঁচনিৰ জৰিয়তে লাভন্বিত হৈছে। এই আঁচনিৰ জড়িতে চাকৰি নকৰিলেও বেংকৰ লোণৰ সহায়ত স্বাৱলম্বী হ’ব পাৰিব। ক’লে মুখ্যমন্ত্ৰী সোণোৱালে।
Published by:Sanjay Kumar Das
First published: