মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অতি শীঘ্ৰে গৃহহীন ১ লাখ লোকে লাভ কৰিব PMAY-Gৰ গৃহ

অতি শীঘ্ৰে গৃহহীন ১ লাখ লোকে লাভ কৰিব PMAY-Gৰ গৃহ

News18-Assam
Updated:August 6, 2019, 6:57 PM IST
অতি শীঘ্ৰে গৃহহীন ১ লাখ লোকে লাভ কৰিব PMAY-Gৰ গৃহ
Source-Google

২০১৯-২০ বিত্তীয় বৰ্ষত ২লাখ আৱাসগৃহ নিৰ্মাণ লক্ষ্য আছিল

  • Share this:
মঙলবাৰে সৰুসজাইত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শীঘ্ৰেই ৰাজ্যৰ ১লাখ লোকে পাব চৰকাৰী ঘৰ। চলিত বৰ্ষত ২ লাখ আৱাসগৃহ নিৰ্মাণৰ লক্ষ্য গ্ৰামোন্নয়ণ বিভাগৰ। গৃহ নিৰ্মাণত বিধায়কক চকু দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। উল্লেখ যোগ্য যে মোদী চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)। ২০১৯-২০ বিত্তীয় বৰ্ষত ২লাখ আৱাসগৃহ নিৰ্মাণ লক্ষ্য আছিল তাৰে ১ লাখ ২২হাজাৰ ৩০৪ টা আৱাসগৃহৰ মঞ্জুৰী লাভ কৰিছে।

আজি ১ লাখতকৈ অধিক গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত ১ হাজাৰ আত্মসহায়ক গোটক ঋণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে।ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰদান কৰা হয় ঋণ। লগতে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ নিযুক্তিপত্ৰও প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

অনুষ্ঠানত  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে, ‘এইপৰ্যন্ত অসমত নিৰ্মাণ হৈছে ২৮লাখ শৌচাগাৰ।সমদৃষ্টি, সম-মৰ্যাদাৰে অসম এতিয়া উন্নতিৰ পথত। প্ৰতিটো দিশত এছিয়াৰ ভিতৰত অগ্ৰণী হ’ব লাগিব,ইন্দিৰা আৱাস যোজনাৰ যোগেদি কংগ্ৰেছে দুৰ্নীতি কৰিছিল, আমি প্ৰকৃতাৰ্থত গৃহহীন পৰিয়ালক ঘৰ দিবলৈ সক্ষম হৈছো!’

আজি সৰুসজাইত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত থাকে মন্ত্ৰী নৱ কুমাৰ দলে, মন্ত্ৰী পিয়ুষ হাজৰিকা, মন্ত্ৰী ভৱেশ কলিতা।
First published: August 6, 2019, 6:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি