‘আপোনালোক সাৱধানে থাকিব’- কৰ্তব্যৰত আৰক্ষীৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

News18 Assam | News18-Assam
Updated:July 2, 2020, 2:36 PM IST
‘আপোনালোক সাৱধানে থাকিব’- কৰ্তব্যৰত আৰক্ষীৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
মহানগৰীৰ ল’ক ডাউনৰ সময়ছোৱাত নিষ্ঠাসহকাৰে কৰ্তব্য সম্পাদন কৰি থকা আৰক্ষীৰ সৈতে মত-বিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে

মহানগৰীৰ ল’ক ডাউনৰ সময়ছোৱাত নিষ্ঠাসহকাৰে কৰ্তব্য সম্পাদন কৰি থকা আৰক্ষীৰ সৈতে মত-বিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে

  • Share this:
মহানগৰীৰ ল’ক ডাউনৰ সময়ছোৱাত নিষ্ঠাসহকাৰে কৰ্তব্য সম্পাদন কৰি থকা আৰক্ষীৰ সৈতে মত-বিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ ল’ক ডাউন কাৰ্যসূচী তথা স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা বিধি-বিধান নিষ্ঠা সহকাৰে মানি চলিবলৈ জনসাধাৰণলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে সন্ধিয়া মহানগৰীৰ জু-ৰোড তিনিআলিত ল’ক ডাউনৰ সময়ছোৱাত নিষ্ঠাৰে তথা দায়ৱদ্ধতাৰে কৰ্তব্য পালন কৰি থকা যান-বাহন আৰক্ষীৰ লগতে কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীৰ সৈতে মত-বিনিময় কৰি তেওঁলোকে সম্পাদন কৰা কাম-কাজৰ বুজ লয়। লগতে় অধিক দায়ৱদ্ধতাৰে কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায় ৷

মুখ্যমন্ত্ৰীয়ে কয় যে," আৰক্ষী বাহিনীৰ জোৱান আৰু কৰ্মকৰ্তাসকলে যথেষ্ট নিষ্ঠাৰে ল’ক ডাউনৰ সময়ছোৱাত কৰ্তব্য সম্পাদন কৰি আছে ৷ সেয়েহে কৰ্তব্যত নিয়োজিত এই আৰক্ষী সকলৰ মনোবল বৃদ্ধিৰ বাবে কথা পাতিছোঁ৷"

মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া বিধি-বিধানসমূহ কঠোৰভাৱে পালন কৰি নিজৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ বাবেও আহ্বান জনায় ৷ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থতে এই ল’ক ডাউন কাৰ্যসূচী ঘোষণা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷ মুখ্যমন্ত্ৰীয়ে লগতে সাংবাদিকসকলে আগবঢ়াই অহা সেৱাৰো শলাগ লৈ সুৰক্ষিত হৈ থকাৰ কামনা কৰে।



সাম্প্ৰতিক বানপৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে," অসমৰ প্ৰায় ২৮খন জিলা এই বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৷ হাজাৰ হাজাৰ ব্যক্তি আশ্ৰয় শিৱিৰত থাকিবলগীয়া হৈছে ৷ বানপানী, গৰাখহনীয়া আৰু ভূমিস্খলনৰ ফলত কিছু সংখ্যক লোক মৃত্যুবৰণ কৰিবলগীয়া হৈছে ৷  এই দুৰ্যোগত মৃত্যুবৰণ কৰা লোকসকলৰ আত্মাৰ সদ্‌গতি কামনা কৰিছো ৷  ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ মৃতকৰ পৰিয়াললৈ ৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনে আৰ্থিক সাহায্য প্ৰদান কৰিছে ৷’
First published: July 2, 2020, 2:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading