নতুন ৰূপত গান্ধী মণ্ডপ, মুকলি হ’ল ২.৫৬ কোটি টকাৰে নিৰ্মিত গান্ধী উদ্যান

মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তীৰ দিনাই উদ্যানখন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

News18-Assam
Updated:October 2, 2019, 12:16 PM IST
নতুন ৰূপত গান্ধী মণ্ডপ, মুকলি হ’ল ২.৫৬ কোটি টকাৰে নিৰ্মিত গান্ধী উদ্যান
মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তীৰ দিনাই উদ্যানখন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
News18-Assam
Updated: October 2, 2019, 12:16 PM IST
গুৱাহাটী জিলা প্ৰশাসন আৰু স্মাৰ্ট চিটী লিমিটেডৰ উদ্যোগত গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত গান্ধী মণ্ডপত মুকলি হ’ল গান্ধী উদ্যান। স্মাৰ্ট চিটীৰ তত্বাৱধানত নতুনকৈ নিৰ্মাণ কৰা হৈছে এই উদ্যানখন। উদ্যানখন নিৰ্মাণত ব্যয় হৈছে ২ কোটি ৫৬ লাখ টকা। ছমাহ সময়ৰ প্ৰয়োজন হৈছে উদ্যানখন নিৰ্মাণত।

মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তীৰ দিনাই উদ্যানখন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে জিলা প্ৰশাসন আৰু স্মাৰ্ট চিটীৰ বিষয়ববীয়াসকল।

বাপুজীৰ ১৫০সংখ্যক জন্মজয়ন্তীত গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এই উপলক্ষে গান্ধী মণ্ডপত অনুষ্ঠিত হয় এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও।

অনুষ্ঠানত বাপুজীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে গান্ধীজীয়ে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। আৰু সেই সপোন পূৰণ কৰাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনি লৈছে। ইয়াৰে স্বচ্ছ ভাৰত অভিযান অন্যতম। আজি ভাৰতবৰ্ষক বিশ্বৰ অন্যতম স্বাস্থ্যসন্মত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে আঁচনি লৈছে। জল, পৰিৱেশৰ ক্ষেত্ৰতো বিভিন্ন আঁচনি লৈছে প্ৰধানমন্ত্ৰীয়ে। এই আঁচনিসমূহ আমি ৰূপায়ন কৰিব লাগিব। নিজ ভাষণত পানীৰ গুৰুত্বৰ ওপৰতো বিশেষ বক্তব্য ৰাখে মুখ্যমন্ত্ৰীয়ে। বনাঞ্চল, পাহাৰ ধ্বংসৰ বাবে গুৱাহাটীৰ যথেষ্ট অসুবিধা হৈছে।



‘বাপুজী এই স্থানলৈ আহিছিল। সেয়ে এয়া পূণ্যভূমি। ইয়াৰ পৰাই বিশ্ব জয়ৰ পণ ল’ব লাগিব। মহাত্মা গান্ধীৰ প্ৰতি যদি আমি প্ৰকৃত শ্ৰদ্ধাঞ্জলি দিব বিচাৰো তেনেহ’লে গুৱাহাটীক আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। সেউজীয়া কৰি ৰাখিব লাগিব। সেয়ে গুৱাহাটীবাসীলৈ আহ্বান সকলোৱে সহযোগ কৰক।’ – মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

নিজৰ ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে কয় – আমি প্লাষ্টিক বৰ্জন কৰিব লাগিব। ড্ৰাগছৰ কবলত বহু উঠি অহা যুৱক আসক্ত হৈছে। ইয়াক আমি দূৰ কৰিব লাগিব।

আনহাতে, ভাষণৰ মাজতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক উদ্যানখনৰ বাকী থকা কামসমূহ চোৱাচিতাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ – উদ্যানখন হ’ল ঠিকেই, কিন্তু কৰিবলগা আৰু কিছু কাম আছে। কাইলৈৰ পৰাই আপুনি কাম আৰম্ভ কৰক।

ইফালে, অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় – মহাত্মা গান্ধী প্ৰকৃত হিন্দু আছিল। সেয়ে হিন্দু, মুছলমান, শিখ সকলোকে সমান বুলি ভাবিছিল। সেয়ে আমি গান্ধীজীৰ আদৰ্শৰেই আগবাঢ়িব লাগিব। এতিয়া স্বচ্ছতা আহিছে, কিন্তু ৰাস্তা–ঘাট চাফ–চিকুণ কৰিলেই নহ’ব, মনটোও স্বচ্ছ হ’ব লাগিব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি