পথৰুঘাটৰ ১২৭ সংখ্যক কৃষক শ্বহীদ দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পথৰুঘাটত দেশী–বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে স্মৃতিক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ। পথৰুঘাটত আন্তঃগাঁঠনিৰ বাবদ দুই কোটি টকা ঘোষণা কৰাৰ লগতে আৰু ৫ কোটি টকা ব্যয়ৰে নিৰ্মিত সংহতি প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত ১৮৯৪ চন ২৮ জানুৱাৰীত বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল সাতকুৰি নিৰস্ত্ৰ কৃষক৷ সাতকুৰি কৃষকক শ্বহীদক সমাধিস্থ কৰা হৈছিল একেলগে৷ আৰু এই সাতকুৰি কৃষকৰ স্মৃতিত ২৮ জানুৱাৰীত পথৰুঘাটৰ শ্বহীদ সমাধিক্ষেত্ৰত পালন কৰি আহিছে "কৃষক শ্বহীদ দিবস৷"
বিগত বছৰসমূহত আছু, স্থানীয় ৰাইজে কৃষক শ্বহীদ দিৱস পালন কৰি আহিছিল আৰু পৰৱৰ্তী সময়ত চৰকাৰীভাৱে ২০১৭ চনত কৃষক শ্বহীদ দিৱস পালন কৰা হয়। ৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি পথৰুঘাটত আন্তঃগাঁঠনিৰ বাবদ দুই কোটি টকা ঘোষণাৰ লগতে আজি ৫ কোটি টকা ব্যয়ৰে নিৰ্মিত " সংহতি প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কেন্দ্ৰ"ৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
পথৰুঘাট ৰণত আত্ম বলিদান দিয়া কৃষক শ্বহীদ সকলৰ পূণ্য স্মৃতিত নিৰ্মিত " সংহতি প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কেন্দ্ৰ"ৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা – পথৰুঘাটত দেশী–বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে স্মৃতিক্ষেত্ৰ নিৰ্মাণ কৰা হব। শ্বহীদৰ আত্ম ত্যাগক বিশ্বৰ বুকুত উজ্বলাই তুলিব লাগিব।
কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱসৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক বিনন্দ শইকীয়া, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, নলবাৰীৰ বিধায়ক অশোক শৰ্মা, সংখালঘু ব’ৰ্ডৰ অধক্ষ মমিনুল আৱাল, দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ লগতে কৃষি বিভাগৰ বিষয়া–কৰ্মচাৰীসকল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 28, 2021, 18:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।