বাঘজানৰ অগ্নিকাণ্ডক লৈ ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ

News18 Assam | News18-Assam
Updated:June 9, 2020, 3:14 PM IST
বাঘজানৰ অগ্নিকাণ্ডক লৈ ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ
ঘটনাস্থলীৰ কাষৰীয়া এলেকাৰ জনসাধাৰণৰ কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

ঘটনাস্থলীৰ কাষৰীয়া এলেকাৰ জনসাধাৰণৰ কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

  • Share this:
তিনিচুকীয়া জিলাৰ বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে মুখ্যমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ। ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ অৱগত কৰি অগ্নি নিৰ্বাপনৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে।

ঘটনাস্থলীৰ কাষৰীয়া এলেকাৰ জনসাধাৰণৰ কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ৰাইজক শংকিত নহ'বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান।
First published: June 9, 2020, 3:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading