ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই ফোনযোগে কথা পতাই দিলে ধৃতিৰাজৰ সৈতে।
ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই ফোনযোগে কথা পতাই দিলে ধৃতিৰাজৰ সৈতে।
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰা দৰং জিলাৰ ধৃতিৰাজ বাস্তৱ কলিতালৈ মুখ্যমন্ত্ৰীৰ ফোন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে পৰিয়াল আৰু শিক্ষক–শিক্ষয়িত্ৰীকো জনালে আন্তৰিক অভিনন্দন। ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই ফোনযোগে কথা পতাই দিলে ধৃতিৰাজৰ সৈতে।
দৰং জিলাৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই পদুমপুখুৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত দিছিল পৰীক্ষা। ধৃতিৰাজ পাথৰিঘাট বানেইকুছি গাঁৱৰ নিবাসী নৱ কুমাৰ কলিতা আৰু টুলুমণি কলিতাৰ পুত্ৰ। ৫৯৫ নম্বৰ লাভ কৰি শীৰ্ষস্থান লাভ কৰিছে ধৃতিৰাজে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|