• Home
  • »
  • News
  • »
  • assam
  • »
  • লুৰিণজ্যোতি গগৈৰ মাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী সোণোৱালৰ

লুৰিণজ্যোতি গগৈৰ মাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী সোণোৱালৰ

লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো।

লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো।

লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো।

  • Share this:
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰয়াত দুলু গগৈৰ আত্মাৰ সদগতি কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। টুইটাৰযোগে মুখ্যমন্ত্ৰী সোণোৱালে জনালে গভীৰ সমবেদনা।

টুইটাৰত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। এই শোকাকুল মুহূৰ্তত লুৰিণজ্যোতি আৰু পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা যাচিলোঁ।’’


আনহাতে, লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো। টুইটাৰত ভট্টাচাৰ্যই লিখিছে, ‘‘দেহাৱসানৰ বাতৰি পাই মৰ্মাহত হৈছোঁ। স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

উল্লেখযোগ্য যে বুধবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে লুৰিণৰ মাতৃ দুলু গগৈয়ে। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ থকা লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে  নিশা ১০:৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

যোৱা ২৯ মাৰ্চৰ পুৱা তিনিচুকীয়াৰ লাইপুলিৰ নিজ বাসগৃহৰ গোহালিত গাখীৰ খিৰাবলৈ যাওঁতেই উচ্চ ৰক্তচাপৰ ফলত ষ্ট্ৰোক হৈছিল ৭০বছৰৰ উৰ্ধ্বৰ লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ। পিছত সংকটজনক অবস্থাত ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল দুলু গগৈক।
Published by:Sanjay Kumar Das
First published: