হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মুখ্যমন্ত্ৰী সোণোৱাল, শূন্যতে তিনিপাক খালে পৱনহংসৰ হেলিকপ্টাৰ

পাইলটৰ বিচক্ষণতাৰ বাবেই কথমপি ৰক্ষা পৰিল দুৰ্ঘটনাৰ পৰা।

News18-Assam
Updated:September 23, 2019, 3:22 PM IST
হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মুখ্যমন্ত্ৰী সোণোৱাল, শূন্যতে তিনিপাক খালে পৱনহংসৰ হেলিকপ্টাৰ
পাইলটৰ বিচক্ষণতাৰ বাবেই কথমপি ৰক্ষা পৰিল দুৰ্ঘটনাৰ পৰা।
News18-Assam
Updated: September 23, 2019, 3:22 PM IST
হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আজি পৱনহংসৰ এখন হেলিকপ্টাৰেৰে গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী। বান্দৰদেৱাৰ আকাশত ডাৱৰৰ বাবে দিকবিদিক হেৰুৱায় মুখ্যমন্ত্ৰী যোৱা হেলিকপ্টাৰখনে। পাইলটে বিচক্ষণতাৰে লীলাবাৰী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱায় হেলিকপ্টাৰখন। জৰুৰী অৱতৰণৰ সময়ত শূন্যতে তিনিপাক খালে মুখ্যমন্ত্ৰী যোৱা হেলিকপ্টাৰখনে। পাইলটৰ বিচক্ষণতাৰ বাবেই কথমপি ৰক্ষা পৰিল দুৰ্ঘটনাৰ পৰা। মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আছিল প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীও।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি