মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ লক্ষী নগৰস্থিত নিজ বাসগৃহতে উদযাপন কৰিলে ভোগালী বিহু। ঘৰৰ চৌহদতে পুৱা মেজি জ্বলাই নেদেখা জনৰ ওচৰত সেৱা ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে সকলোৰে মংগল কামনা কৰি অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে।
সমাজত শান্তি-সম্প্ৰীতি অটুট থকাৰ কামনা কৰাৰ লগতে মেজি জুইত সমাজৰ সকলো অশুভ শক্তি জাহ যাব বুলিও আশাবাদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মুখ্যমন্ত্ৰীৰ সৈতে পুৱাই উপস্থিত থকা দেখা গ’ল লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ লগতে কেইবাজনো দলীয় নেতা-কৰ্মী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|