ৰাজ্যত এতিয়া বানৰ বিভীষিকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাঙিছে মথাউৰি। তাৰ মাজতে সোমবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত বান পৰিস্থিতিৰ বুজ লয়।
ৰহমৰীয়াৰ খহনীয়াৰ সমস্যা সমাধানৰ বাবে ২৫কোটি টকাৰ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইফালে বৰাক নদীৰ খনন কাৰ্য শেষ হোৱাৰ পাছতেই ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। ইতিমধ্যে ব্ৰহ্মপুত্ৰ খননৰ বাবে ড্ৰীজাৰ আহি পাইছে বুলিও জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰহমৰীয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে বিন্ধাকটাৰ হাইস্কুলৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰি তাত আশ্ৰয় গ্ৰহণ কৰা বানাক্ৰান্তৰ সমস্যাৰ বিষয়ে বুজ লয়। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কেইবাজনো বিধায়ক।
ইফালে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ৰহমৰীয়াত আছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ৰহমৰীয়াৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমধানৰ লগতে ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত আছুৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|