• Home
  • »
  • News
  • »
  • assam
  • »
  • মাতৃভূমিত অসমৰ বীৰ সন্তান হৰধন ৰায়ৰ নশ্বৰদেহ, পৰিয়াললৈ ২০ লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

মাতৃভূমিত অসমৰ বীৰ সন্তান হৰধন ৰায়ৰ নশ্বৰদেহ, পৰিয়াললৈ ২০ লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

বায়ুসেনাৰ বিশেষ বিমানযোগে লৈ অনা হয় শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ।

বায়ুসেনাৰ বিশেষ বিমানযোগে লৈ অনা হয় শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ।

বায়ুসেনাৰ বিশেষ বিমানযোগে লৈ অনা হয় শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ।

  • Share this:
মাতৃভূমিত অসমৰ বীৰ সন্তান হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ। বায়ুসেনাৰ বিশেষ বিমানযোগে লৈ অনা হয় শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ। বৰঝাৰ বিমান বন্দৰ পোৱাৰ পিছতে বীৰ জোৱানজনৰ নশ্বৰ দেহ বায়ু সেনা ষ্টেচনলৈ লৈ যোৱা হয়।



ইয়াৰ পিছতে বায়ু সেনা ষ্টেচনৰ পৰা পোনে পোনে নশ্বৰদেহ লৈ যোৱা হয় মহানগৰীৰ বশিষ্ঠস্থিত সেনা বাহিনীৰ বেছ হাস্পতাললৈ। আৰু ইয়াতে সেনাবাহিনীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ জোৱানজনলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শ্বহীদ ৰায়ৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন সাহায্যও ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালে।

উল্লেখযোগ্য যে, কাশ্মীৰৰ উৰিত পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘা কৰি কৰা আক্ৰমণত প্ৰাণ হেৰুৱাইছিল অসম বীৰ জোৱান হৰধন চন্দ্ৰ ৰায়ে। ধুবুৰীৰ পূৱ বিলাসীপাৰা বীৰ শ্বহীদ জনে মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ সন্তানৰ লগতে পিতৃ-মাতৃ আৰু ভগ্নীক এৰি থৈ যায়।
Published by:Himangshu Bhuyan
First published: