உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিধায়কক PSO লাগিবই নেকি? ৰমাকান্ত দেউৰীক উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে

    বিধায়কক PSO লাগিবই নেকি? ৰমাকান্ত দেউৰীক উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে

    PSO কাৰো ষ্টেটাছ ছিম্বল হ'ব নোৱাৰে: ড° হিমন্ত বিশ্ব শৰ্মা

    PSO কাৰো ষ্টেটাছ ছিম্বল হ'ব নোৱাৰে: ড° হিমন্ত বিশ্ব শৰ্মা

    PSO কাৰো ষ্টেটাছ ছিম্বল হ'ব নোৱাৰে: ড° হিমন্ত বিশ্ব শৰ্মা

    • Share this:
    ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য ৰাখিবলৈ বিধায়কক PSO লাগে বুলি যুক্তি আগবঢ়োৱা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ ৷ PSO ষ্টেটাছ ছিম্বল হ'ব নোৱাৰে বুলি সোমবাৰে স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

    বিধায়কবৰ্গক PSO প্ৰত্যাহাৰ কৰিবলৈ কিছুদিন পূৰ্বে অনুৰোধ কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই শাসকীয় BJPৰ বহুকেইজন জনপ্ৰতিনিধিয়ে PSO প্ৰত্যাহাৰ কৰিবলৈ আগবাঢ়ি আহিছিল ৷ মুখ্যমন্ত্ৰীৰ এই আহ্বানক বিৰোধী কংগ্ৰেছে সমালোচনা কৰিছিল ৷

    ইয়াৰ মাজতে দেওবাৰে শাসকীয় পক্ষৰ বিধায়ক বিৰ্তকিত ৰমাকান্ত দেউৰীয়ে দিলে যুক্তি ৷ মৰিগাঁৱৰ বিধায়ক ৰমাকান্তই এৰিব বিচৰা নাই PSO ৷ ৰমাকান্তই ক'লে- “ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থ ক'ত? PSO নাথাকিলে কেনেকৈ চিনিব জনপ্ৰতিনিধিক? PSO প্ৰত্যাহাৰ কৰাৰ পক্ষত মই নাই ৷”

    মৰিগঞাঁ বিধায়ক ৰমাকান্ত দেউৰীৰ এই যুক্তি সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰীয়ে ক'লে- “নিৰাপত্তাৰ শংকাৰ ভিত্তিত বিধায়কে পাব PSO ৷  কিন্তু PSO কাৰো ষ্টেটাছ ছিম্বল হ'ব নোৱাৰে ৷”

    মুখ্যমন্ত্ৰীৰ মতে সময় এতিয়া সলনি হৈছে ৷ সেই হিচাবে PSOৰ প্ৰয়োজনীয়তা কমি আহিছে৷
    Published by:Gautam Barman
    First published: