• Home
  • »
  • News
  • »
  • assam
  • »
  • 'আবোল-তাবোল বকিলে জে'ললৈ যাব লাগিব বিধায়ক আমিনুল ইছলামো'- তামুলপুৰত মুখ্যমন্ত্ৰী

'আবোল-তাবোল বকিলে জে'ললৈ যাব লাগিব বিধায়ক আমিনুল ইছলামো'- তামুলপুৰত মুখ্যমন্ত্ৰী

তামুলপুৰত আজি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা পূৰ্বৰ এন ডি এফ বিৰ সদস্যসকলক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

তামুলপুৰত আজি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা পূৰ্বৰ এন ডি এফ বিৰ সদস্যসকলক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

তামুলপুৰত আজি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা পূৰ্বৰ এন ডি এফ বিৰ সদস্যসকলক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

  • Share this:

''আবোল-তাবোল বকিলে জে'ললৈ যাব লাগিব বিধায়ক আমিনুল ইছলাম।'' কামাখ্যাৰ মাটি বাবৰে প্ৰদান কৰা বুলি আমিনুল ইছলামে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে৷  মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰ চলি থকা সময়ত সভ্যতা-সংস্কৃতিৰ পৰিপন্থী কাম কৰিলে সহ্য কৰা নহ'ব ৷


আমিনুল ইছলাম (MLA Aminul Islam)ক একপ্ৰকাৰ সকীয়াই দি তেওঁ কয় যে শ্বেৰমান আলীয়ে যিদৰে জে'লত সোমাই আছে ঠিক তেনেদৰে আমিনুল ইছলামো জে'লত যাব লাগিব ৷


উল্লেখ্য যে তামুলপুৰত আজি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা পূৰ্বৰ এন ডি এফ বিৰ সদস্যসকলক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr Himanta Biswa Sarma)। উক্ত অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি  দ্বীপেন বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম,অশোক সিংহাল,আৰক্ষী বিষয়া হীৰেন নাথ, এল আৰ বিষ্ণই আদি কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।


প্ৰণিধানযোগ্য যে ১৪২৯জনক ইয়াৰ পূৰ্বতে গুৱাহাটীত প্ৰদান কৰা হৈছিল আৰ্থিক সাহায্য, আজি তামুলপুৰৰ বৰখাটা দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত ১১০৫জন পূৰ্বৰ NDFB সদস্যক ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে । সভাত বাক্সা জিলা প্ৰশাসনৰ ভিজন ডকুমেন্টটো মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


তেওঁ কয়- ''১৯৮৫ চনৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে।অসমৰ মানচিত্ৰৰ ভিতৰত থাকিও বড়োভূমিৰ উন্নয়ন সম্ভৱ। বড়ো ভাষাই এতিয়া মৰ্যাদা পাইছে। অসম অসামৰিক পৰীক্ষাত বড়ো ভাষাতো প্ৰশ্নকাকতৰ কথা চিন্তা কৰা হ'ব ৷''


BTR ত ABSU, NDFBৰ সৈতে একেলগে কাম কৰি বিটিআৰলৈ স্থায়ী শান্তি ঘুৰাই আনিবলৈ চেষ্টা কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এন ডি এফ বিৰ সদস্যৰ বিৰুদ্ধে ৪২৭টা গোচৰৰ ২৭৪টা গোচৰ প্ৰত্যাহাৰ কৰা হৈছে আৰু বাকী গোচৰসমূহো প্ৰত্যাহাৰ কৰিবলৈ গৃহ বিভাগক নিৰ্দেশ দিয়া হৈছে।


 আনহাতে ভাষণ প্ৰসংগত বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে প্ৰাক্তন NDFB সদস্যসকলক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৱা দুদিনত ২৭০০সদস্যই পুনৰ সংস্থাপিত হ'ব বুলি উল্লেখ কৰে। তেওঁ পৃথিৱীৰ বুকুত বড়ো সংস্কৃতিক আগবঢ়াই দিয়া প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰে।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি