বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত গঁড় হত্যা ৰোধৰ ক্ষেত্ৰত জখলাবন্ধা আৰক্ষী থানাৰ ভূমিকা সদায় গুৰুত্বপূৰ্ণ। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কলিয়াবৰ মহকুমাৰ অধীনস্থ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত ব্যাপক হাৰত গঁড় হত্যা হৈছিল। সেই সময়তে জখলাবন্ধা আৰক্ষী থানাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সাহসী আৰক্ষী বিষয়া দেৱেন বৰাক। ২০১৫ বৰ্ষত দায়িত্ব লোৱা দেৱেন বৰাই জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অঞ্চলসমূহত অভিযান চলাই বহু কেইটা দুধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীৰ গুলীত নিহত হৈছিল কেইবাটাও চোৰাং চিকাৰী।
কিন্তু ২০১৯বৰ্ষৰ প্ৰথমতেই দেৱেন বৰা জখলাবন্ধা আৰক্ষী থানাৰ পৰা বোকাখাটলৈ বদলি হোৱাৰ পিছতে জখলাবন্ধা আৰক্ষী থানাৰ দায়িত্ব গ্ৰহণ কৰিছিল নিপু কলিতাই। নিপু কলিতাৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা কঠোৰ অভিযানৰ বাবেই ২০১৯বৰ্ষত বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জৰ এটাও গঁড় হত্যা কৰিব পৰা নাছিল চোৰাং চিকাৰীয়ে। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাই চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত লাভ কৰিছিল কেইবাটাও বৃহৎ সাফলতা।
অৱশেষত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দুয়োগৰাকী আৰক্ষী বিষয়াৰ কৰ্মনিষ্ঠাক স্বীকৃতি প্ৰদান কৰিলে। স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে আগবঢ়োৱা মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকৰ তালিকাত স্থান লাভ কৰিলে দুয়োগৰাকীয়ে। পদক লাভৰ বাতৰি পোৱা দুয়োগৰাকী আৰক্ষী বিষয়াই মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনাই কয় যে, ‘চৰকাৰৰ এই পদক্ষেপে আমাক কাজিৰঙাৰ সুৰক্ষাৰ প্ৰতি আৰু অধিক দায়বদ্ধ কৰিলে।’
কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে এক সাক্ষাৎকাৰত কয়, ‘এনে স্বীকৃতিয়ে সমাজৰ অপশক্তিৰ বিৰুদ্ধে যুঁজি যোৱাৰ বাবে আৰু অধিক উৎসাহ যোগায়।’
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 14, 2020, 23:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|