• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : মুখ্যমন্ত্ৰীৰ নিৰ্দেশ— “বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰৰ বাবে ৭ আগষ্টৰ ভিতৰত দিয়ক সাহায্য''

CM Himanta Biswa Sarma : মুখ্যমন্ত্ৰীৰ নিৰ্দেশ— “বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰৰ বাবে ৭ আগষ্টৰ ভিতৰত দিয়ক সাহায্য''

ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত কাপোৰ আৰু বাচন-বৰ্তন বিতৰণ কৰা হৈছে ৷

ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত কাপোৰ আৰু বাচন-বৰ্তন বিতৰণ কৰা হৈছে ৷

ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত কাপোৰ আৰু বাচন-বৰ্তন বিতৰণ কৰা হৈছে ৷

  • Share this:
অহা ৭ আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰসমূহ মেৰামতিৰ বাবে ইতিমধ্যে ঘোষণা কৰা চৰকাৰী সাহায্য প্ৰদানৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে এই নিৰ্দেশ দিলে প্ৰতিজন মন্ত্ৰীক ৷ জিলা ভিত্তিত একোজন মন্ত্ৰীক দায়িত্ব দি মুখ্যমন্ত্ৰী ড° শৰ্মাই বানত ক্ষতিগ্ৰস্ত ঘৰৰ চৰকাৰী সাহায্য দিবলৈ লগত বিষয়াৰ দল নিবলৈও নিৰ্দেশ দিয়ে।

ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত কাপোৰ আৰু বাচন-বৰ্তন বিতৰণ কৰা হৈছে ৷ পৰ্যায় ক্ৰমে প্ৰদান কৰা হৈছে প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক ৩৮০০কৈ টকা ৷ ইয়াৰ পিছত ৭ আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত ঘৰসমূহৰ বাবে চৰকাৰী সাহায্য দিবলৈ মন্ত্ৰীসকলক জিলা ভিত্তিক দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে ৷

বৰাকৰ হাইলাকান্দিৰ দায়িত্ব দিয়া হৈছে জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৷ কৰিমগঞ্জত বিমল বৰা আৰু কাছাৰৰ দায়িত্ব দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক ৷ হোজাইত কেশৱ মহন্ত, নগাঁৱত অতুল বৰা, দৰং আৰু কামৰূপৰ দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে ৷ ওদালগুৰিত ইউ জি ব্ৰহ্ম, তামুলপুৰত সঞ্জয় কিষাণ, নলবাৰীত নন্দিতা গাৰ্লোছা, বাক্সাত যোগেন মহন, বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাস, বৰপেটা আৰু বজালীৰ দায়িত্ব দিছে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ হাতত ৷ একেদৰে পীয়ূষ হাজৰিকাক মৰিগাঁও, শোণিতপুৰত অজন্তা নেওগ আৰু ধুবুৰীৰ দায়িত্ব দিয়া হৈছে অশোক সিংহলক ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি