অসম চৰকাৰে ৰাজ্যখনত বাল্য বিবাহৰ বিপদ সমাপ্ত কৰাৰ সংকল্পৰে বাল্য বিবাহ কৰা পুৰুষৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ লৈছে। বাল্য বিবাহ কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে সিহঁতক গ্ৰেপ্তাৰ কৰা হ’ব। অসমৰ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনায়।
বৰ্তমানলৈকে আৰক্ষীয়ে ৰাজ্যজুৰি ৪,০০৪টা গোচৰ পঞ্জীয়ন কৰিছে আৰু আগন্তুক দিনবোৰত অধিক ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে। এই গোচৰসমূহৰ ওপৰত ৩ ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে পৰা ব্যৱস্থা লোৱা আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলোকে সহযোগিতা কৰিবলৈ অনুৰোধ জনায়।
আৰু পঢ়ক : ‘তুমি যাব নালাগিছিল অ’ আইতা... তোমাৰ মৰমভৰা কথাবোৰ, উপদেশ বোৰ সদায় অনুভৱ কৰিম’
মুখ্যমন্ত্ৰীয়ে জিলা ভিত্তিক গোচৰৰ তথ্য জাৰী কৰিছে য’ত ধুবুৰীত সৰ্বাধিক গোচৰ ৰুজু হৈছে। অসমৰ বিভিন্ন জিলাসমূহৰ ধুবুৰীত মুঠ ৩৭০টা গোচৰ, হোজাইত ২৫৫টা, কোকৰাঝাৰ ২০৪টা গোচৰ ৰুজু কৰা হৈছে। লগতে মৰিগাঁৱত ২২৪টা, নগাঁৱত ১১৩টা, নলবাৰীত ১৭১টা, দক্ষিণ শালমৰাত ১৪৫টা গোচৰ ৰুজু হৈছে। এই গোচৰৰ তালিকাত কাৰ্বি আংলঙত ১২৬ টা, তামুলপুৰত ১১০টা, গোৱালপাৰাত ১৫৭টা, ওদালগুৰিত ২৩৫টা, বজালীত ১৩২টা, বাক্সাত ১৫৩টা গোচৰ ৰুজু কৰা হৈছে। বাল্যবিবাহৰ বিৰুদ্ধে
বঙাইগাঁৱত ১২৩টা, গুৱাহাটীত ১৯২টা গোচৰ, দৰঙত ১২৫ টা, ধেমাজিত ১০১টা গোচৰ ৰুজুৰ উপৰিও বৰপেটাত বাল্যবিবাহৰ বিৰুদ্ধে ৮১টা গোচৰ ৰুজু কৰা হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 02, 2023, 19:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|