• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma: ''শ্ৰীগুৰুচৰণ" ধ্বনিৰে মুখৰিত লুইতৰ পাৰ, ১০ হাজাৰ ভক্তৰ সৈতে হনুমান চালিচা পাঠ কৰিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

CM Himanta Biswa Sarma: ''শ্ৰীগুৰুচৰণ" ধ্বনিৰে মুখৰিত লুইতৰ পাৰ, ১০ হাজাৰ ভক্তৰ সৈতে হনুমান চালিচা পাঠ কৰিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে দহ হাজাৰ ভক্তৰ সতে পাঠ কৰিলে হনুমান চালিচা ৷৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে দহ হাজাৰ ভক্তৰ সতে পাঠ কৰিলে হনুমান চালিচা ৷৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে দহ হাজাৰ ভক্তৰ সতে পাঠ কৰিলে হনুমান চালিচা ৷৷

  • Share this:
প্ৰথমবাৰৰ বাবে লুইতৰ পাৰত ১ লাখ ১০ হাজাৰবাৰ হনুমান চালিচা পাঠ ৷ হনুমান চালিচাৰ সমান্তৰালকৈ ১০ হাজাৰ ভক্তৰ বাজিল ভোৰতাল ৷ এটা দিনৰ বাবে ভক্তিৰ মঙ্গলধ্বনিত বিলীন হ'ল উত্তৰ গুৱাহাটী (North Guwahati) ৷

দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ লুইতৰ মধ্যম খণ্ডত অনুষ্ঠিত হৈছিল শ্ৰীশ্ৰী হনুমান জয়ন্তী ৷ দুদিনীয়াকৈ অনুষ্ঠিত অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে ৷ সামৰণী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma), ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে'কে ধৰি বহু আগশাৰীৰ বিজেপি নেতা-কৰ্মী ৷

প্ৰথমবাৰৰ বাবে বিশাল আৰু বৰ্ণাঢ্যভাৱে অনুষ্ঠিত হৈছে উত্তৰ গুৱাহাটীত এই কাৰ্সূযচী, য'ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১০ হাজাৰৰো অধিক ভক্তৰ সমাগম ঘটে ৷ সমৱেত এগৰাকী ভক্তই পাঠ কৰে মুঠ ১১বাৰ কৈ হনুমান চালিচা ৷

এনে ভক্তৰ ৰূপত উপস্থিত থাকে ৰাজ্যৰ দুই মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে' (Biplab Dey) ৷ সেয়ে দুই মুখ্যমন্ত্ৰীয়ে আন ভক্তৰ স'তে একেলগে ১১বাৰকৈ পাঠ কৰে হনুমান চালিচা ৷ হনুমান চালিচা (hanuman chalisa) পাঠ কৰি মুখ্যমন্ত্ৰীয়ে কয়- দেশ আৰু বিশ্বৰ প্ৰতিগৰাকী লোকৰ সুখ-শান্তি অটুট থাকক ৷ হনুমন্তৰ শ্ৰীচৰণত এয়া প্ৰাৰ্থনা ৷ উল্লেখ্য যে শেহতীয়া দুটা দিন অনুষ্ঠান উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাহাজাৰ লোকৰ সমাগম ঘটিছিল।
Published by:Gautam Barman
First published: