உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক, চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক, চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

     ২৫০খনতকৈও অধিক গাঁও চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন মাপকাঠীৰ আধাৰত যোজনাখনৰ বাবে বাছনি কৰিব।

    ২৫০খনতকৈও অধিক গাঁও চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন মাপকাঠীৰ আধাৰত যোজনাখনৰ বাবে বাছনি কৰিব।

    ২৫০খনতকৈও অধিক গাঁও চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন মাপকাঠীৰ আধাৰত যোজনাখনৰ বাবে বাছনি কৰিব।

    • Share this:
    মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনতা ভৱনত অসম আদৰ্শ গ্ৰাম যোজনা (Axom Adarxo Gram Yojana) ৰূপায়ণ সংক্ৰান্তত ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । এই বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

    বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তকেইটা হ'ল:

    ১) অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত অসম চৰকাৰে ২৫০খনতকৈও অধিক গাঁও চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন মাপকাঠীৰ আধাৰত যোজনাখনৰ বাবে বাছনি কৰিব ।
    ২) চিনাক্ত কৰা গাঁওসমূহত শিক্ষানুষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ, পথ, যুৱ পুথিভঁৰাল, প্ৰেক্ষাগৃহ, গছপুলি ৰোপণ আদিৰ আন্তঃগাঁথনি নিৰ্মাণ তথা বিকাশৰ বাবে (empower the villages) পৰ্যায়ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব ।
    ৩) কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰিবলৈ, মুখ্যমন্ত্ৰীয়ে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আঁচনিখনৰ অধীনত বাছনি কৰা প্ৰতিখন গাঁৱৰ দুগৰাকী প্ৰতিনিধি আৰু সংশ্লিষ্ট উপায়ুক্তৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব ।
    ৪) মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আঁচনিখনৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে আবণ্টিত ৩৩গৰাকী পৰ্যবেক্ষককো সাক্ষাৎ কৰিব ।
    Published by:Gautam Barman
    First published: