உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নিগম, নিকায় আৰু আয়োগৰ নৱনিযুক্ত বিষয়াবৰ্গক সন্মুখত বহুৱাই লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?

    নিগম, নিকায় আৰু আয়োগৰ নৱনিযুক্ত বিষয়াবৰ্গক সন্মুখত বহুৱাই লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?

    দীর্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনা যুগুত কৰি নিজ নিজ সংস্থাক অধিক কর্মমুখী কৰক: মুখ্যমন্ত্ৰী ড° শৰ্মা

    দীর্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনা যুগুত কৰি নিজ নিজ সংস্থাক অধিক কর্মমুখী কৰক: মুখ্যমন্ত্ৰী ড° শৰ্মা

    দীর্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনা যুগুত কৰি নিজ নিজ সংস্থাক অধিক কর্মমুখী কৰক: মুখ্যমন্ত্ৰী ড° শৰ্মা

    • Share this:

    বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিভিন্ন নিগম-নিকায় আৰু আয়োগৰ নৱ নিযুক্ত অধ্যক্ষ,  উপাধ্যক্ষ, পৰিচালন সঞ্চালক আৰু সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে নিগম, নিকায় আৰু আয়োগসমূহক অধিক কর্মক্ষম আৰু গতিশীল কৰি তোলাৰ বাবে কাম কাজৰ ধৰণ আৰু চিন্তাত নতুনত্ব অনাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰে (CM Meeting With officers of corporations) ।


    নৱনিযুক্ত বিষয়ববীয়াসকলৰ (Newly appointed officers of corporations) সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট নিকায়সমূহক অধিক কর্মমুখী কৰি তোলাৰ বাবে বিভিন্ন দীর্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায় ৷


    চৰকাৰৰ জনকল্যাণমুখী কাম-কাজৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোককে স্পৰ্শ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰতো সকলোকে তৎপৰ হ'বলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই অনুৰোধ জনায় ৷


    বৃহস্পতিবাৰৰ বিয়লি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রীয়ে মহিলা আয়োগৰ অধ্যক্ষ (Chairperson of the State Women Commission ) আৰু সদস্যসকলক অধিক সক্রিয় হ'বলৈ কোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থান ভ্রমণ কৰি মহিলা সৱলীকৰণৰ বিৰোধী শক্তিসমূহক নিৰুৎসাহিত কৰাৰ পদক্ষেপ ল'বলৈ আহ্বান জনায় ৷ লগতে ডাইনী সন্দেহ হত্যা অথবা উৎপীড়নৰ কোনো ঘটনাৰ বিষয়ে অৱগত হ'লে তাৎক্ষণিকভাৱে সেই স্থান ভ্রমণ কৰিবলৈ আয়োগৰ সদস্যসকলক আহ্বান জনায় ৷


    নিগম, নিকায়ৰ কর্মকর্তাসকলক নিজ নিজ সংস্থাৰ বাবে প্ৰয়োজনীয় বাজেটৰ প্ৰস্তাৱ প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰাৰ লগতে চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাজ-কাজ অব্যাহত ৰাখিবলৈ সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীৰ সৈতে সঘনাই সম্পর্ক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে ।


    নৱনিযুক্ত বিষয়াসকলক ব্যক্তিগত দেহৰক্ষী প্রত্যাহাৰ কৰাৰ লগতে সুশাসন সুনিশ্চিত কৰাৰ স্বাৰ্থত প্রতিমুহূর্ততে জনতাৰ কাষত থিয় হ'বলৈও মুখ্যমন্ত্ৰী ড° শৰ্মাই (CM Himanta Biswa Sarma) আহ্বান জনায় ৷


    জনতা ভৱনত আয়োজিত বৈঠকত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতা, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইৰ লগতে ফণীন্দ্রনাথ শর্মাকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে ৷

    Published by:Gautam Barman
    First published: