• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনি জিলাৰ উপায়ুক্তৰ সৈতে নগাঁৱত মুখ্যমন্ত্ৰীৰ বৈঠক, বৰ্তমানলৈকে নিয়ন্ত্ৰণাধীন মধ্য অসমৰ তিনিওখন জিলাৰ পৰিৱেশ

তিনি জিলাৰ উপায়ুক্তৰ সৈতে নগাঁৱত মুখ্যমন্ত্ৰীৰ বৈঠক, বৰ্তমানলৈকে নিয়ন্ত্ৰণাধীন মধ্য অসমৰ তিনিওখন জিলাৰ পৰিৱেশ

 আনহাতে সহযোগিতাৰ বাবে ৰাইজক ধন্যবাদ জনোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, "সকলোৱে কোভিড বিধি মানি পৰিস্কাৰ-পৰিছন্ন হৈ থাকিলে লকডাউনৰ কোনো প্ৰয়োজন ন'হব।"

  • Share this:
নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ পৰিস্থিতি আজিৰ তাৰিখত নিয়ন্ত্ৰণাধীন। তিনিওখন জিলাতে ৰোগীৰ বাবে পৰ্যাপ্ত পৰিমাণে আসন আৰু অক্সিজেন মজুত আছে। শুকুৰবাৰে নগাঁও আৱৰ্ত ভৱনত মধ্য অসমৰ তিনিওখন জিলাৰ উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, এতিয়ালৈক তিনিওখন জিলাত ৫০জন ৰোগী চিকিৎসাধীন হৈ আছে। ইয়াতে হোজাইত সৰ্বাধিক ২৪জন, নগাঁৱত ২২জন আৰু মৰিগাঁৱত ৪জন ৰোগী চিকিৎসাধীন হৈ আছে।

আনহাতে সহযোগিতাৰ বাবে ৰাইজক ধন্যবাদ জনোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, "সকলোৱে কোভিড বিধি মানি পৰিস্কাৰ-পৰিছন্ন হৈ থাকিলে লকডাউনৰ কোনো প্ৰয়োজন ন'হব।"

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ সময়ছোৱাত সাংবাদিকসকলৰ সহযোগিতাক ধন্যবাদ জনোৱাৰ লগতে বৰ্তমান পৰিস্থিতিটো ৰাইজক সজাগ আৰু সচেতন কৰাৰ বাবে সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে তিনিওখন জিলাৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বুজ ল'বলৈ অহা মুখ্যমন্ত্ৰীগৰাকীক সহযোগ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকা আৰু বিধায়ক ৰূপক শৰ্মাই।
Published by:Sanjay Kumar Das
First published: