ৰাজ্যৰ অৰ্থনীতিবিদৰে মুখ্যমন্ত্ৰীৰ বৈঠক, বৈঠকৰ অন্তত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ পৰামৰ্শ অৰ্থনীতিবিদসকলে৷
সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ পৰামৰ্শ অৰ্থনীতিবিদসকলে৷
- News18 Assam
- Last Updated: April 28, 2020, 4:48 PM IST
মঙলবাৰে খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত তিনি ঘণ্টাতকৈ অধিক সময় চলা বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'লে, " শীঘ্ৰেই,অৰ্থনৈতিক কাম কাজ আগবঢ়াবলৈ পৰামৰ্শ দিছে অৰ্থনীতিবিদসকলে৷ কোৰোণাৰ বিৰুদ্ধে যুঁজখন চলাই নিবলৈ কৈছে৷ ১০০ দিনীয়া কৰ্মসূচী লোৱাৰ দিছে পৰামৰ্শ৷ টাস্ক ফ'ৰ্চ গঠন কৰি কৃষক, শ্ৰমিক, শিপিনীক সহায় কৰাৰ পৰামৰ্শ দিছে৷ দিছে অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ পৰামৰ্শ৷’’
সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ পৰামৰ্শ অৰ্থনীতিবিদসকলে৷ যোগ্য যুৱকক টাস্ক ফ’ৰ্চত নিয়োগ কৰাৰো দিলে পৰামৰ্শ৷ বিত্ত মন্ত্ৰীয়ে দিয়া তথ্য ভিত্তিক প্ৰতিবেদনৰ ভিত্তিত অৰ্থনীতিবিদসকলে প্ৰদান কৰিছে পৰামৰ্শ৷ মুখ্যমন্ত্ৰীয়ে কয় – মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম ৷