‘কোটি টকা দিলেও নামানো, জনজাতিকৰণ লাগিবই’, মুখ্যমন্ত্ৰীৰ বৈঠকত তীব্ৰ ক্ষোভ ছয় জনগোষ্ঠীৰ পোন্ধৰটা সংগঠনৰ

News18 Assam | News18-Assam
Updated:February 26, 2020, 6:54 PM IST
‘কোটি টকা দিলেও নামানো, জনজাতিকৰণ লাগিবই’, মুখ্যমন্ত্ৰীৰ বৈঠকত তীব্ৰ ক্ষোভ ছয় জনগোষ্ঠীৰ পোন্ধৰটা সংগঠনৰ
আমাক কোটি টকা দিলেও নামানো, জনজাতিকৰণ হ'বই লাগিব।

আমাক কোটি টকা দিলেও নামানো, জনজাতিকৰণ হ'বই লাগিব।

  • Share this:
ছয় জনগোষ্ঠীৰ মুঠ পোন্ধৰটা দল-সংগঠনৰ নেতৃত্বৰ সৈতে বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক বৈঠক অনুষ্ঠিত হয় ৷ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভা কক্ষত আনুষ্ঠিত বৈঠকত মুখ্যতঃ আসন্ন বাজেট অধিৱেশনক লৈ ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে ৷
জনজাতিকৰণৰ বিষয়টো আলোচনা এই বৈঠকত আলোচনা নকৰাত বৈঠকত অংশগ্ৰহণ কৰা প্ৰতিটো সংগঠনেে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷
বৈঠকত বিত্তমন্ত্ৰী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে ৷ লগতে উপস্থিত থাকে মন্ত্ৰী চন্দন ব্ৰক্ষ্ম, ফণীভূষণ চৌধুৰী, বিধায়ক বিমল বৰা, বলীন চেতিয়া, প্ৰশান্ত ফুকন ৷

বৈঠকত মুখ্যতঃ বাজেটৰ ওপৰত মতামত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ প্ৰতিটো জনজাতিৰ বাবে কিমান ধাৰ্য কৰিব সেই লৈ আলোচনা হয় ৷

“জনজাতিকৰণৰ বিষয়টো আলোচনা আজিৰ বৈঠকত আলোচনা নহ'ল ৷ হ'ব বুলি আশা কৰিছিলো ৷ কেৱল বাজেটৰ সন্দৰ্ভত আলোচনা হ'ল,” ক'লে চুতীয়া সংগঠনৰ প্ৰতিনিধিয়ে ৷

”জনজাতিকৰণ বিষয়টোক লৈ আলোচনা হ'ব বুলি বৈঠকলৈ আহিছিলো ৷ আমাক বৈঠকৰ বিষয় বস্তুৰ কথা জনোৱা হোৱা নাছিল ৷ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো এতিয়া স্তব্ধ হৈ আছে ৷ বাজেটকলৈ আলোচনা কৰিলে,” এইদৰে ক'লে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই ৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আলোচনা নোহোৱাত সকলো সংগঠনৰ ক্ষোভ প্ৰকাশ কৰে ৷

“আমাক কোটি টকা দিলেও আমাৰ দাবী নামানো ৷ আমাক জনজাতিকৰণ কৰিবই লাগিব ৷ ৰাস্তাৰ আন্দোলন নকমে ৷ জনজাতিকৰণৰ দাবীৰ পৰা আমি আঁতৰি নাযাও,” টাই আহোম ছাত্ৰ সন্থাই এনেদৰে ক্ষোভ উজাৰে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি