পৰিৱৰ্তনৰ স্বাৰ্থত UPPLলৈ মুকলি সমৰ্থনৰ কথা পুনৰ দোহাৰিলে এবছুৰ মুৰব্বী দ্বীপেন বড়োৱে

News18 Assam | News18-Assam
Updated:November 22, 2020, 1:52 PM IST
পৰিৱৰ্তনৰ স্বাৰ্থত UPPLলৈ মুকলি সমৰ্থনৰ কথা পুনৰ দোহাৰিলে এবছুৰ মুৰব্বী দ্বীপেন বড়োৱে
বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত বিটিআৰৰ অধীনৰ ১৬টা সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয়।

বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত বিটিআৰৰ অধীনৰ ১৬টা সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয়।

  • Share this:
আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত UPPLলৈ মুকলি সমৰ্থনৰ কথা পুনৰবাৰ দোহাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ মুৰব্বী দ্বীপেন বড়োৱে। নিৰ্বাচনৰ সময়ত বিটিআৰৰ বিভিন্ন সন্থাৰ সমন্বয় সমিটীৰ কৰ্মকৰ্তাই দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে।

বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত বিটিআৰৰ অধীনৰ ১৬টা সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয়। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত প্ৰতিনিধিসকলে বিটিচিত স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ পোষকতা কৰে। বৈঠকত এবছুৰ মুৰব্বী দ্বীপেন বড়োৱেও অংশ লয়। নিৰ্বাচনত যাতে কোনো হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৰুত্ব দিবলৈ দাবী জনাই এবছুৰ মুৰব্বী দ্বীপেন বড়োৱে।

নিৰ্বাচনৰ ভোটদান আৰু ভোট গননাৰ সময়ত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ কয় দলটোৱে। বিটিচিত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত সকলোকে মাৰ্জিত ভাষা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাই এবছুৰ মুৰব্বী দ্বীপেন বড়োৱে।
Published by: Sanjay Kumar Das
First published: November 22, 2020, 1:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading