আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমগুৰিত ৭০ মেগাৱাট সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰাৰ পিছতে এখন বিশাল জনসাভাত অংশগ্ৰহণ কৰে ( Amguri solar park project)। মুখ্যমন্ত্ৰীগৰাকীয়ে সৌৰ প্ৰকল্পটো ৰাইজৰ সেৱাত উৎসৰ্গা কৰি আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ খেলপথাৰত আয়োজিত এক জনসভাত ভাগ লৈ আমগুৰিবাসী ৰাইজ উপকৃত হ'ব পৰা বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।
আমগুৰিত এশখন বিছনাযুক্ত চিকিৎসালয়, আমগুৰি আই বি পুনৰ নিৰ্মাণৰ বাবে সাত কোটি টকা, আমগুৰি কেন্দ্ৰীয় নাট্যমন্দিৰ সম্পূৰ্ণ কৰাৰ বাবে দুই কোটি টকাৰ পেকেজ ঘোষণা কৰে।
আনহাতে আমগুৰিক মহকুমালৈ উন্নীত কৰাৰ বাবে পৰৱৰ্তী সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma) প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিধায়ক প্ৰদীপ হাজৰিকাই মুখ্যমন্ত্ৰীগৰাকীক কাঁহৰ বান বাটি আৰু থালেৰে সম্বৰ্ধনা জনোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমেলীয়াকৈ ভাষণত কয়– ''কইনাক বিদায় দিলেহে এনে উপহাৰ দিয়ে। মোক কইনা নহয় দৰা হিচাপে আদৰক, মই আমগুৰিলৈ আকৌ আহিম চিকিৎসালয়খনৰ আধাৰশিলাৰ বাবে। তেতিয়াই মই আমগুৰিবাসীৰ সৈতে এসাঁজ খাম।''
চুবুৰীয়া নাগালেণ্ডৰ পৰা অহা এটা দলে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰে । নাগালেণ্ড তুলী জিলাৰ চিটি টাউনৰ চেয়াৰমেনগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক উত্তৰ-পূবৰ হিৰো হিচাপে অভিহিত কৰে। আজি সৌৰ শক্তি প্ৰকল্পটো মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা, আমগুৰি বিধায়ক প্ৰদীপ হাজৰিকা, শক্তি মন্ত্ৰী বিমল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত থাকে। সভাত প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|