"শ্যামা প্ৰসাদ মূখাৰ্জীয়ে অসমৰ মৰিয়নীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ঘুৰি অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হোৱাটো উচিত বুলি কৈছিল।"
"শ্যামা প্ৰসাদ মূখাৰ্জীয়ে অসমৰ মৰিয়নীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ঘুৰি অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হোৱাটো উচিত বুলি কৈছিল।"
ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ কাৰণে বলিদান দিয়া বিশিষ্ট শিক্ষাবিদ, ৰাষ্ট্ৰীয়তাবাদী নেতা আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মূখাৰ্জীৰ প্ৰতিমূৰ্তি মঙলবাৰে বৰপেটাৰোডত উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ উদ্যোগত বৰপেটাৰোড ৰে'লৱে ষ্টেচনৰ সমীপত নিৰ্মাণ কৰি উলিওৱা ড° শ্যামা প্ৰসাদ মূখাৰ্জীৰ প্ৰতিমূৰ্তিটো শুভ উন্মোচন কৰি মুখ্যমন্ত্ৰী শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয়, "আজিৰ দিনটো অত্যন্ত স্মৰণীয় আৰু পৱিত্ৰ দিন ৷ এই দিনটোতেই ভাৰতবৰ্ষৰ ঐক্য সংহতি আৰু অখণ্ডতাৰ বাবে বলিদান দিয়া জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড° শ্যামা প্ৰসাদ মূখাৰ্জীৰ জন্মদিন ৷ ১৯০১ চনৰ ৬ জুলাইত জন্ম হোৱা মুখাৰ্জীয়ে ১৯৫৩ চনত জম্মুত ভাৰতৰ ঐক্য সংহতিৰ কাৰণে নিজৰ জীৱন বলিদান দিছিল ৷ তেওঁৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ।"
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ড° শ্যামা প্ৰসাদ মূখাৰ্জী যেতিয়া কলিকতা বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য আছিল তেতিয়া কলিকতা বিশ্ব বিদ্যালয়ত প্ৰথম তেওঁৱেই অসমীয়া ভাষা প্ৰৱৰ্তন কৰিছিল ৷ লগতে কলিকতা বিশ্ব বিদ্যালয়ত অসমীয়া ভাষাক বিষয় হিচাপে প্ৰতিষ্ঠা কৰি ড° বিৰিঞ্চিকুমাৰ কুমাৰ বৰুৱাক কলিকতা বিশ্ব বিদ্যালয়ত ড° শ্যামা প্ৰসাদ মূখাৰ্জীৰ হাতেৰেই প্ৰথম গৰাকী অধ্যাপক হিচাপে নিযুক্তি দিছিল । শ্যামা প্ৰসাদ মূখাৰ্জীয়ে অসমৰ মৰিয়নীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ঘুৰি অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হোৱাটো উচিত বুলি কৈছিল।"
CPIMক কটাক্ষ কৰি কয় যে সৰভোগত CPIMৰ বিধায়কহে আছে কিন্তু মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আছে ৷ ৰণজিৎ কুমাৰ দাস বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৷ এমএলএ(MLA)ত কৈ মন্ত্ৰী বহুত ওপৰত বুলি উল্লেখ কৰি কয় যে বিডিঅ' (BDO) আৰু এছ ডি চি (SDC)য়ে কি কাম কৰিব সেইটো বিধায়কে ঠিক নকৰে, মন্ত্ৰীয়েহে ঠিক কৰিব ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেই চব কাম আগৰ দৰেই কৰি থাকিব ৷ CPIMৰ বিধায়কে মাজে মাজে বিধানসভালৈ যাব আৰু আহি থাকিব বুলিও কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|