উক্ত স্থানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত জেহাদীৰ স্থান নাই। ৰাইজে অসমৰ পৰা জেহাদীক বিদায় দিব। বঙাইগাঁও জিলা প্ৰশাসনে উচ্ছেদিত মাদ্ৰাছাখনৰ স্থান পৰিদৰ্শন কৰি উক্ত স্থানত মাদ্ৰাছাৰ সলনি এখন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। বঙাইগাঁও ভ্ৰমণ কালতে মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমলে সন্তান জন্মক লৈ আগবঢ়োৱা মত প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়- ''দুটাৰ অধিক সন্তান জন্ম দি ভৰণ-পোষণৰ দায়িত্ব ল’ব লাগিব আজমলে ৷ যদি খৰচ দিব নোৱাৰে, তেন্তে ৯-১০টা সন্তান জন্ম দিবলৈ কোৱাৰ অধিকাৰ আজমলৰ নাই ৷''
মুখ্যমন্ত্ৰীয়ে একাংশ ৰাজনৈতিক নেতাই ভোটৰ স্বাৰ্থৰ বাবে অধিক সন্তান জন্ম দিয়াৰ কথা কয় বুলি উল্লেখ কৰি কয়- ''ড০ হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ ভোট নালাগে, কিন্তু দুটাৰ বেছি সন্তান জন্ম নিদিব৷''
আনহাতে, বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰা প্ৰসংগত আজমলক আঁঠুৱাৰ তলৰ মহ আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয়- ''আঁঠুৱাৰ তলতে আছে যেতিয়াই মন যাব, তেতিয়াই ধৰিব পাৰিম ৷ তাক লৈ ইমান আলোচনা কৰিব নালাগে।''