• Home
  • »
  • News
  • »
  • assam
  • »
  • বেংগালুৰুস্থিত ইস্কনৰ শ্ৰী ৰাধা কৃষ্ণ-চন্দ্ৰ মন্দিৰত পুত্ৰ-কন্যাসহ আশীৰ্বাদ গ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ; সংগ দিলে KAACৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে

বেংগালুৰুস্থিত ইস্কনৰ শ্ৰী ৰাধা কৃষ্ণ-চন্দ্ৰ মন্দিৰত পুত্ৰ-কন্যাসহ আশীৰ্বাদ গ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ; সংগ দিলে KAACৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই পুত্ৰ আৰু কন্যাৰ সৈতে পৰিদৰ্শন কৰিলে শ্ৰী ৰাধা কৃষ্ণ-চন্দ্ৰ মন্দিৰ।

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই পুত্ৰ আৰু কন্যাৰ সৈতে পৰিদৰ্শন কৰিলে শ্ৰী ৰাধা কৃষ্ণ-চন্দ্ৰ মন্দিৰ।

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই পুত্ৰ আৰু কন্যাৰ সৈতে পৰিদৰ্শন কৰিলে শ্ৰী ৰাধা কৃষ্ণ-চন্দ্ৰ মন্দিৰ।

  • Share this:
দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰিলে বিশ্বৰ অন্যতম বৃহৎ কৃষ্ণ মন্দিৰ বেংগালুৰুস্থিত ইস্কনৰ প্ৰতিষ্ঠিত শ্ৰী ৰাধা কৃষ্ণ-চন্দ্ৰ মন্দিৰ। নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এই কথা জনায়। তেখেতে টুইটাৰত এটা পোষ্ট কৰে য’ত শ্ৰী ৰাধা কৃষ্ণ-চন্দ্ৰ মন্দিৰ দৰ্শন কৰাৰ কথা উল্লেখ কৰে। তেখেতে সকলোৰে কল্যাণৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰে বুলিও প্ৰকাশ কৰিছে।

এই মন্দিৰ দৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ পুত্ৰ নন্দিল, কন্যা সুকন্যাৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংগ দিয়ে।

উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ ১৮ ছেপ্তেম্বৰত শ্ৰী শ্ৰী ৰবিশংকৰৰ আশীৰ্বাদ লাভ কৰিবলৈ পুত্ৰ নন্দিল, কন্যা সুকন্যাৰ আৰু তুলিৰাম ৰংহাঙৰ সৈতে বাংগালুৰুৰ আৰ্ট অৱ লিভিং ইণ্টাৰনেচনেল চেণ্টাৰত উপস্থিত হৈছিল।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম টুইটাৰত এটা পোষ্ট কৰি কেন্দ্ৰ, শান্তিৰ এক প্ৰতীক আৰ্ট অৱ লিভিং ইণ্টাৰনেচনেল চেণ্টাৰত ৰাজকীয় অনুষ্ঠানত যোগ দিয়া বুলি জনায়।
Published by:Sehnaz Begum
First published: