সুশান্ত বৰগোহাঁইক ৰাখিলে নিজৰ লগত, মন্ত্ৰী অতুল বৰাক দিলে অখিল গগৈ! বিৰোধী বিধায়ককলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰিলে মিত্ৰগোট

News18 Assam | News18-Assam
Updated:July 19, 2021, 6:30 PM IST
সুশান্ত বৰগোহাঁইক ৰাখিলে নিজৰ লগত, মন্ত্ৰী অতুল বৰাক দিলে অখিল গগৈ! বিৰোধী বিধায়ককলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰিলে মিত্ৰগোট
সোমবাৰে বিৰোধী বিধায়ক সকলক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গঠন কৰে মিত্ৰগোট ৷

সোমবাৰে বিৰোধী বিধায়ক সকলক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গঠন কৰে মিত্ৰগোট ৷

  • Share this:
শাসকীয় মিত্ৰগোটৰ বিধায়ক সকলক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গঠন কৰিছিল মিত্ৰগোট ৷ ইতিমধ্যে প্ৰতিজন শাসকীয় বিধায়কক মন্ত্ৰীসকলে এসাজ আহাৰ খোৱাই ভাবৰ আদান-প্ৰদান কৰিলে ৷ ইয়াৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী শৰ্মাই গঠন কৰিলে বিৰোধী বিধায়ক সকলকলৈ মিত্ৰগোট ৷

সোমবাৰে বিৰোধী বিধায়ক সকলক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গঠন কৰে মিত্ৰগোট ৷ মুখ্যমন্ত্ৰীৰ মিত্ৰগোটত আছে কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁই, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, দিগন্ত বৰ্মন, ভাস্কৰজ্যোতি বৰুৱা। BPFৰ ৰবিৰাম নাজাৰী, চৰণ বড়ো। AIUDFৰ ফণীধৰ তালুকদাৰ  আৰু কৰিমুদ্দিন বৰভূঞা ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মিত্ৰগোটত আছে বিৰোধী বিধায়ক কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদ, শ্বেৰমান আলী আহমেদ, দেৱব্ৰত শইকীয়া, শিৱামণি বৰা, AIUDFৰ আমিনুল ইছলাম(জেষ্ঠ), ছিৰাজুদ্দিন আজমল আৰু হাফিজ বছিৰ আহমেদ ৷

মন্ত্ৰী অতুল বৰাৰ মিত্ৰগোটত আছে বিৰোধী বিধায়ক কংগ্ৰেছৰ ভৰত চন্দ্ৰ নৰহ, বসন্ত দাস, শশীকান্ত দাস, ছিদ্দেক আহমেদ, আব্দুল বাতিল খণ্ডকাৰ। AIUDFৰ আব্দাৰ আজিজ আৰু নিৰ্দলীয় বিধায়ক অখিল গগৈ ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মিত্ৰগোটত আছে বিৰোধী কংগ্ৰেছৰ মিছবহুল ইছলাম লস্কৰ, খলিল উদ্দিন মজুমদাৰ, ৱাজেদ আলী চৌধুৰী, যাদৱ স্বৰ্গীয়াৰী, ৰকিবুল হুছেইন, নন্দিতা দাস, AIUDFৰ নিজানুৰ ৰহমান, ছামছুল হুদা আৰু আশ্ৰাফুল হুছেইন ৷

মন্ত্ৰী কেশৱ মহন্তৰ মিত্ৰগোটত আছে বিৰোধী কংগ্ৰেছৰ আব্দুল কালাম ৰচিদ আলম, নুৰুল হুদা, AIUDFৰ জাকিৰ হুছেইন লস্কৰ, ছুজাম উদ্দি লস্কৰ, নিজামুদ্দিন চৌধুৰী আৰু আব্দুছ ছুহাবন আলি সৰকাৰ ৷

ইপিনে মন্ত্ৰী পিযুশ হাজৰিকাৰ মিত্ৰগোটত আছে বিৰোধী কংগ্ৰেছৰ কমলাক্ষ দে পুৰুকায়স্থ, প্ৰদীপ সৰকাৰ, আব্দুৰ ৰচিদ মণ্ডল, আফতাব উদ্দিন মোল্লা, আছিফ মহম্মদ নজৰ, AIUDFৰ মজিবুৰ ৰহমান, আমিনুল ইছলাম, BPFৰ দুৰ্গা দাস বড়ো আৰু CPI-Mৰ মনোৰঞ্জন তালুকদাৰ ৷
Published by: Himangshu Bhuyan
First published: July 19, 2021, 6:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি