'এইবছৰ মই ১৪ হাজাৰ কোটি টকা ঋন লম ৷ মই গৌৰৱৰে সৈতে লম ঋন ৷ অহা বছৰ আৰু বেছি লম ৷ বিধানসভাই এইবছৰ মোক ১৬ হাজাৰ কোটি টকা ল'বলৈ অনুমতি দিছে ৷ মই লম ১৪ হাজাৰ কোটি টকা ৷'-বুধবাৰে ঋণ লোৱাৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)-ই এনেদৰে যুক্তি দিয়ে বিধানসভাত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ' সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম কি পিছুৱাই থাকিব ৷ দুখীয়া হৈ থাকিব ৷ ৭০ বছৰত তিনিখন মেডিকেল কলেজৰ পৰা বঢ়াব পৰা নাছিল ৷ কেৰালা অনুকৰণীয় ৰাজ্য ৷ আমি কেৰালাক অনুকৰণ কৰো ৷ অহা বছৰ ১৮ হাজাৰ কোটি টকা ৷ তাৰ পিছৰ বছৰত ২২ হাজাৰ কোটি টকা লম ৷ অসমৰ GDP বৃদ্ধি পাইছে।'
বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, 'গৌৰৱসহকাৰে ঋন লম ৷ ৫০০০ হাজাৰ কোটি টকা লম ঋনেৰে ১৯০০খন দলং নিৰ্মাণ কৰিম। আইনদী আৰু ডিব্ৰুগড়ত মথাউৰি নিৰ্মাণ কৰিম। সদনৰ পাঁচজনীয়া দল এটা কেৰালা, পাঞ্জাব আদি ৰাজ্য ঘূৰি সেই ৰাজ্যৰ বিত্ত মন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰিলে বুজি পাব ঋন কিয় ল'ব লাগে ৷ ভাৰতৰ ভিতৰত পেট্ৰলৰ ওপৰত অসমত কৰ আটাইতকৈ কম ।মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত এটা বিধানসভাৰ দল যাওক কেৰেলালৈ ৷ এটা দল অখিল গগৈৰ নেতৃত্বত যাওক পশ্চিমবংগ লৈ ৷'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 22, 2021, 13:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।