অসমে কিমান পালে আৰু মেঘালয়ে কিমান পালে চুক্তিৰ দ্বাৰা সেই কথা সদনত জনালে মুখ্যমন্ত্ৰীয়ে৷
অসমে কিমান পালে আৰু মেঘালয়ে কিমান পালে চুক্তিৰ দ্বাৰা সেই কথা সদনত জনালে মুখ্যমন্ত্ৰীয়ে৷
‘‘মই অসমৰ মুখ্যমন্ত্ৰী, মোক আপুনি এনেকৈ জেৰা কৰিব নোৱাৰে৷ অধ্যক্ষ মহোদয়, আগলৈ যাতে মোক এনেকৈ জেৰা নকৰে৷’’ – আজি বিধানসভাত অখিল গগৈক লৈ এইদৰে ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সদনত অসম–মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত বিবৃতি দি থকাৰ সময়তে অখিল গগৈয়ে মাজতে ‘মুখ্যমন্ত্ৰীক আছুয়ে সমৰ্থন কৰিছে নেকি’ বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে ক'লে এনেদৰে৷
আজি বিধানসভাত অসম–মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বহু চেষ্টাৰে অসম আৰু মেঘালয়ৰ দীৰ্ঘদিনৰ সীমা বিবাদ মীমাংসা কৰা হৈছে৷ ১২টাৰ ভিতৰত ছয়টাক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই পৰ্যন্ত ২২বাৰ আলোচনা হৈছে মুখ্যমন্ত্ৰীৰ পৰ্যায়ত৷ ছয়টা এৰিয়াৰ বাবে ৩টা ৰিজ’নেল কমিটী গঠন কৰা হৈছিল৷ মেঘালয়েও তিনিখন কমিটী গঠন কৰিছিল৷ তিনিজন মন্ত্ৰী অতুল বৰা, পীযূষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত। স্থানীয় বিধায়ক আৰু সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকল আছিল কমিটীত৷’’
‘‘দুয়ো ৰাজ্যৰ ৰিজ’নেল কমিটীয়ে বিবদমান অঞ্চলত ভ্ৰমণ কৰে৷ স্থানীয় লোকৰ সৈতে আলোচনা কৰি মতামত লয়৷ ছয়খন ৰিজ’নেল কমিটীয়ে শ্বিলং আৰু গুৱাহাটীত বহুকেইবাৰো আলোচনা হয়।’’ – সদনত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
অসমে কিমান পালে আৰু মেঘালয়ে কিমান পালে চুক্তিৰ দ্বাৰা সেই কথা সদনত জনালে মুখ্যমন্ত্ৰীয়ে৷ ড০ শৰ্মাই কয়, কংগ্ৰেছ আৰু অখিল গগৈয়ে চুক্তিৰ বিৰোধিতা কৰিছিল৷ AASU, ABSUয়ে সীমা বিবাদ মীমাংসাৰ সপক্ষে আছিল৷
মুখ্যমন্ত্ৰীয়ে কয়, আমি মেঘালয় আৰু অসমে যি MOUত চুক্তি কৰিলো সেয়া চূড়ান্ত নহয়৷ সংসদত গৃহীত হ'ব৷ আমাৰ এই MOUক লৈ বাহিৰতো বাতৰি হৈছে। অসম-মেঘালয়ৰ চুক্তি মডেল হ'ব পাৰে অন্য ৰাজ্যৰ সীমা বিবাদ নিস্পত্তিৰ ক্ষেত্ৰত৷ এই চুক্তিৰে কোনো বেছি পোৱা নাই বা কোনেও কম পোৱা নাই। চিৰদিনৰ বাবে বিবদমান অঞ্চলৰ সমস্যা সমাধান হৈছে।
অৰুণাচল প্ৰদেশৰ সৈতেও একেদৰে আমি সীমা সমস্যা মীমাংসা কৰিবলৈ চেষ্টা অব্যাহত আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|