মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত NiTi আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত তেওঁ অসম ভৱনত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে কয়– NiTi আয়োগৰ বৈঠকত উপস্থিত থাকি অসমৰ কথাখিনি মই দাঙি ধৰিলোঁ৷ এই সপ্তম বৈঠকত প্ৰধানমন্ত্ৰীয়ে দেশত ধান আৰু মাহজাতীয় শস্যৰ উৎপাদনত গুৰুত্ব দিছে৷ আমদানি যাতে কম কৰিব পৰা যায়, তাত গুৰুত্ব দিছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কথা আলোচনা হয়। ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ বিষয়ত চৰ্চা হয়। দেশৰ চহৰবোৰৰ উন্নয়নৰ কথা আলোচনা হয়। আনহাতে, ULFA-I আৰু NSCN-Kৰ স্বাধীনতা দিৱস বৰ্জন আৰু বন্ধৰ আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– ''প্ৰতিবছৰে বন্ধ দিয়েই। বন্ধ দিয়াটো এটা সুকীয়া কথা৷ মই বিৰ্তক কৰিব বিচৰা নাই, কেৱল আমি আশা কৰিব লাগে যাতে স্বাধীনতা দিৱস আমি গৌৰৱময়ভাৱে পালন কৰিব পাৰোঁ৷ মই আশা কৰিম যে স্বাধীনতা দিৱস ভালকৈ পালন হ'ব। কোনো সমস্যাৰ সৃষ্টি নহ'ব৷ শান্তিপূৰ্ণভাৱে পালন হ'ব বুলি আশা কৰিছোঁ৷''
মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিষয়া উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভতো কয় যে টকা দিয়াৰ দিন-বাৰ ঠিক কৰি চৰকাৰক খবৰ দিয়ক।