বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ উইকেটত বেটিং কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাৰ অত্যাধুনিক জিমনেছিয়াম আৰু অভ্যৰ্থনা কক্ষৰ শুভ উদ্বোধনৰ লগতে অসম চৰকাৰে প্ৰদান কৰা ১১ বিঘা মাটিত ৭০০খন বাহন ৰাখিব পৰাকৈ পাৰ্কিং আৰু বাণিজ্যিক চৌহদৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
তৃণমূল পৰ্যায়ৰ পৰা ক্ৰিকেটৰ প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকক খেলৰ অনুশীলনৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহক উপযুক্তভাৱে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যজুৰি ক্ৰীড়া আন্তঃগাঁথনি সবল কৰিবলৈ পদক্ষেপ লৈছে বুলি ভাষণ প্ৰসংগত জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma)।
ইফালে পৰৱৰ্তী অলিম্পিক পৰ্যন্ত লাভলিনা বৰগোহাঁইৰ প্ৰশিক্ষণত নিয়োজিত ব্যক্তিগত প্ৰশিক্ষকগৰাকীক প্ৰতিমাহে ২.৫ লাখ টকাকৈ প্ৰদান কৰিবলৈ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। দৌৰবিদ হিমা দাসৰ প্ৰশিক্ষণৰ বাবেও সাহায্য আগবঢ়াইছে চৰকাৰে। কমেও ২৫০গৰাকী খেলুৱৈ থাকিব পৰাকৈ সৰুসজাইত গেমছ ভিলেজ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও বুধবাৰে জনায় মুখ্যমন্ত্ৰীয়ে।
তদুপৰি কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু অলিম্পিক গেমছত পদকপ্ৰাপকসকলৰ বাহিৰেও যিকোনো বিশ্ব চেম্পিয়নশ্বিপত পদকপ্ৰাপকক ক্ৰীড়া পেঞ্চন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। নিযুক্তিৰ ক্ষেত্ৰতো খেলুৱৈসকলৰ বাবে পদ সংৰক্ষণৰ দিশটোত চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
বুধবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউঞ্চিলৰ সন্মানীয় সদস্যসকল প্ৰমুখ্যে গণ্য-মান্য ভালেকেইগৰাকী লোক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|