মুখ্যপৃষ্ঠা »খবৰ »অসম »CM Himanta Biswa Sarma : মাছমৰীয়াই মাছ মাৰিব পাৰিবনে মাঘৰ উৰুকা আৰু বিহুৰ সময়ত? মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ নিৰ্দেশ

CM Himanta Biswa Sarma : মাছমৰীয়াই মাছ মাৰিব পাৰিবনে মাঘৰ উৰুকা আৰু বিহুৰ সময়ত? মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ নিৰ্দেশ

মাছমৰীয়াই মাছ মাৰিব পাৰিব মাঘৰ উৰুকা আৰু বিহুৰ সময়ত, মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ নিৰ্দেশ

মাছমৰীয়াই মাছ মাৰিব পাৰিব মাঘৰ উৰুকা আৰু বিহুৰ সময়ত, মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ নিৰ্দেশ

মাছমৰীয়াই মাছ মাৰিব পাৰিব মাঘৰ উৰুকা আৰু বিহুৰ সময়ত, মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ নিৰ্দেশ

  • Share this:

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ মহকুমাকে ধৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ, বিহালী, গহপুৰ আৰু চতিয়া বিধানসভা সমষ্টিৰ মাছমৰীয়াসকলৰ অধিকাৰ সুৰক্ষা সন্দৰ্ভত এক  ভিডিঅ কনফাৰেন্সত অংশগ্ৰহণ কৰে ৷


সকলো প্ৰাসংগিক বিষয়ত আলোচনাৰে উৰুকা আৰু মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি নিজ নিজ বিধানসভা সমষ্টিৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীত প্ৰকৃত মাছমৰীয়াসকলক আৰক্ষীৰ কঠোৰ তত্ত্বাৱধানত মাছ ধৰাৰ অনুমতি দিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক নিৰ্দেশনা প্ৰদান কৰে।


এইক্ষেত্ৰত উপায়ুক্তই আৰক্ষী অধীক্ষক আৰু ডি এফ অ’সকলৰ সৈতে মিলি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰকৃত মাছমৰীয়াৰ স্বাৰ্থ ৰক্ষাৰ্থে ২০ জানুৱাৰীৰ ভিতৰত নিজ নিজ বিধানসভাৰ অন্তৰ্গত নদীত মাছ ধৰাৰ নিয়ম ধাৰ্য কৰা হ’ব।


এই ভিডিঅ কনফাৰেন্সত জিলা উপায়ুক্ত, মুখ্য বন সংৰক্ষক এম কে যাদৱ আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ পল্লৱলোচন দাস,  বিধায়ক ৰঞ্জিত দত্ত, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা আৰু সংমণ্ডল বন বিষয়াসকল উপস্থিতি থাকে ৷

শেহতীয়া বাতৰি