মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'ধৰ্ষণকাৰীক মৰম কৰি থাকিলে ধৰ্ষণ নকমে'-অপৰাধীৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰীৰ

'ধৰ্ষণকাৰীক মৰম কৰি থাকিলে ধৰ্ষণ নকমে'-অপৰাধীৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:September 16, 2021, 5:52 PM IST
'ধৰ্ষণকাৰীক মৰম কৰি থাকিলে ধৰ্ষণ নকমে'-অপৰাধীৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰীৰ
নাৰীজনিত অপৰাধ ৰোধ কৰিবলৈ আঙুৰলতাই বিচাৰিলে সাংবাদিকৰ সহায় 

নাৰীজনিত অপৰাধ ৰোধ কৰিবলৈ আঙুৰলতাই বিচাৰিলে সাংবাদিকৰ সহায় 

  • News18 Assam
  • Last Updated: September 16, 2021, 5:52 PM IST
  • Share this:
'মই জানো, মোক এনেকুৱা প্ৰশ্ন আপোনালোকে কৰিব ৷ কিন্তু বেয়া লাগে ৷ কাম কৰাৰ উৎসাহ কমি যায় এনে প্ৰশ্নৰ সন্মুখীন হ'লে ৷ কিন্তু মই মোৰ কাম কৰি যাম ৷ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অপৰাধীৰ নিস্তাৰ নাই ৷' -সংবাদ মাধ্যমৰ সন্মুখত পুনৰ এইদৰেই হুংকাৰ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অপৰাধীৰ বিৰুদ্ধে দিলে মুকলি হুংকাৰ ৷ ৰাজ্যত অপৰাধীক অসম আৰক্ষীয়ে কৰা এনকাউণ্টাৰক লৈ মাজে সময়ে উত্থাপন হোৱা প্ৰশ্নক লৈ উত্তৰ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, প্ৰশ্ন অৱতাৰণাকাৰীলৈ— "ড্ৰাগছৰ বেহা,ধৰ্ষণ,হত্যা চলি থকাতো বিচাৰে নেকি? ড্ৰাগছ আসক্তক এতিয়া এই মহাব্যাধিৰ পৰা আমি আঁতৰাই আনিব লাগিব ৷ ধৰ্ষণকাৰীক মৰম কৰি থাকিলে ধৰ্ষণ নকমে ৷ আমি কঠোৰ হ'বই লাগিব ৷ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অপৰাধী সাৰিব নোৱাৰিব ৷"

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পিছত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধক লৈ ৷ মহিলা, যুৱতী, কিশোৰীৰ মাজত সজাগতা আৰু সচেতনতা নথকাৰ বাবেই বহু ঘটনা সংঘটিত হোৱা বুলি মন্তব্য আঙুৰলতা ডেকাৰ ৷ আঙুৰলতা ডেকাৰ প্ৰতিগৰাকী মহিলা, যুৱতী, কিশোৰীলৈ আহ্বান- লাজ, ভয় পৰিহাৰ কৰি নিজকে সবল কৰক নাৰীয়ে ৷

"মই দেখিছো বহু মহিলাই মাহেকীয়া হোৱাৰ কথাটো ক'বলৈও লাজ কৰে ৷ যেন কোনোবাই হাঁহিব কিবা ক'ব ৷ মই খোলাখুলকৈ কোৱাটোকে পচন্দ কৰো ৷ এইবোৰ মহিলাৰ স্বাভাৱিক প্ৰক্ৰিয়া ৷ বহুতকে দেখো ছেনিটাৰী নেপকিন কিনিবলৈও লাজ কৰে ৷ লাজৰ পৰা নাৰী জাতিয়ে নিজকে মুক্ত কৰিব লাগিব ৷ মোৰ ছোৱালীক মই স্কুলত নামভৰ্তি কৰাই বহু কথা শিকাইছো ৷ মোৰ ক্ষেত্ৰত কোনোবাই কিবা অসৎ ইংগিত দিলে সেইজনে লগে লগে শিক্ষা পাব ৷ মহিলা সাংবাদিক সকলো সজাগ হ'ব লাগে ৷ বহু ঠাইত প্ৰস্ৰাৱ ঘৰ এটা নাথাকে মহিলাৰ বাবে ৷ কিন্তু ইয়াকে লৈ কিমানে মাত মাতে? সাংবাদিক সকলেও সজাগতা আনক ৷ আমি মহিলা মৰ্চাই অপৰাধ দূৰ কৰাৰ কাৰণে যেনেকৈ পাৰিম যুঁজ দিম ৷"— ক'লে আঙুৰলতা ডেকাই
Published by: Himangshu Bhuyan
First published: September 16, 2021, 5:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি